বিগত ৫ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ নামত খৰছ কৰিছে ৫১৭ কোটি টকা। এয়া কোনো বিৰোধীৰ অভিযোগ নহয়। চৰকাৰী প্ৰতিবেদনতে প্ৰকাশ পাইছে এই তথ্য। ২০১৫ চনৰ পৰা এই পৰ্যন্ত প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিছে মুঠ ৫৮ খন দেশ। এই দেশসমূহ ভ্ৰমণ কৰোতেই খৰছ হৈছে এই বিশাল ধনৰাশি।

মঙলবাৰে ৰাজ্যসভাত বিদেশ ভ্ৰমণৰ খৰছৰ বিতং তথ্য লিখিতভাৱে অৱগত কৰে বিদেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণে। মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুযায়ী প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৫ টা বছৰত বিদেশ ভ্ৰমণৰ নামত খৰছ কৰা মুঠ ধনৰ পৰিমাণ হৈছে ৫১৭.৮২ কোটি টকা।

মোদীৰ শেষৰটো ভ্ৰমণসূচী

ভ্ৰমণৰ বিৱৰণত উল্লেখ কৰা মতে যোৱা ৫ বছৰত মোদীয়ে আমেৰিকা, ৰাছিয়া আৰু চীন ৫ বাৰকৈ ভ্ৰমণ কৰিছে। ইয়াৰ লগতে ছিংগাপুৰ, জাৰ্মানী, ফ্ৰান্স, শ্ৰীলংকা আৰু সংযুক্ত আৰৱ গণৰাজ্যও একাধিকবাৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কোনো কোনো ভ্ৰমণকালত আকৌ এবাৰতে কেবাখনো দেশ ভ্ৰমণ কৰিছে মোদীয়ে। আনহাতে কেবাটাও ভ্ৰমণৰ কাৰ্যসূচী আছিল দ্বিপাক্ষিক।

২০১৯ চনৰ ১৩ আৰু ১৪ নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচী লৈ ব্ৰাজিলত উপস্থিত হৈছিল নৰেন্দ্ৰ মোদী। এই পৰ্যন্ত ব্ৰাজিলেই হৈছে তেওঁৰ শেষ বিদেশ ভ্ৰমণ। ব্ৰিকছ সন্মিলনত ভাগ ল’বলৈ সেইবাৰ ব্ৰাজিল ভ্ৰমণলৈ গৈছিল প্ৰধানমন্ত্ৰী। সমগ্ৰ বিশ্বতে ভয়াৱহ ৰূপ ধাৰণ কৰা কৰ’নাৰ পৰিপ্ৰেক্ষিতত বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা এতিয়ালৈ মোদীৰ পক্ষে নতুনকৈ বিদেশ ভ্ৰমণ কৰাতো সম্ভৱ হৈ উঠা নাই। 

এবছৰত ভ্ৰমণৰ নামত ব্যয় ১০০ কোটি

যোৱা মাৰ্চ মাহতো লোকসভাত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণক লৈ এক পৰিসংখ্যা দিছিল মুৰুলীধৰণে। তাত উল্লেখ থকা মতে, মোদীৰ বিদেশ ভ্ৰমণৰ নামত ২০১৫-১৬ চনত ১২১ কোটি ৮৫ লাখ, ২০১৬-১৭ চনত ৭৮ কোটি ৫২ লাখ, ২০১৭-১৮ চনত ৯৯ কোটি ৯০ লাখ, ২০১৮-১৯ চনত ১০০ কোটি ২ লাখ আৰু ২০১৯-২০ চনত ৪৬ কোটি ২৩ লাখ টকা খৰছ হৈছিল।

অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ দ্বিতীয়টো বছৰতে সৰ্বাধিক বিদেশ ভ্ৰমণ কৰিছিল মোদীয়ে। পৰিসংখ্যালৈ চালে দেখা যায় যে যোৱা ৫ বছৰৰ ভিতৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৯-২০ বৰ্ষত আটাইতকৈ কম বিদেশ ভ্ৰমণ কৰিছে। তাৎপৰ্যপূৰ্ণ যে ২০১৯ চনৰ শেষৰফালে কৰ’নাই বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত একেৰাহে ১০ মাহৰ বাবে দেশতে থাকিবলগীয়া হৈছে ভ্ৰমণ কৰি ভালপোৱা প্ৰধানমন্ত্ৰী মোদী।  

কৰ’নাৰ বাবে ২০২০ চনত এবাৰো দেশ এৰি বিদেশলৈ যাবলৈ সমৰ্থ নোহোৱাক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সমালোচকসকলে বিভিন্ন মন্তব্য কৰা দেখা গৈছে। একাংশ সমালোচকে কৰ’না ভাইৰাছৰ বাবে মোদীয়ে ভ্ৰমণ কৰিব নোৱৰাত ৰাজকোষৰ ধন ৰাহি হোৱা বুলি ব্যংগ কৰিছে। আন একাংশ লোকে আকৌ প্ৰধানমন্ত্ৰীগৰাকীয়ে এবছৰত ভ্ৰমণৰ নামত ১০০ কোটিৰো অধিক টকা খৰছ কৰাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে। 

মোদীৰ বিদেশ ভ্ৰমণৰ পৰা কি লাভ হৈছে?

প্ৰধানমন্ত্ৰী হোৱাৰ পিছতে সঘনে বিদেশ ভ্ৰমণ কৰি অহা বিষয়টোক লৈ প্ৰায়ে বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে নৰেন্দ্ৰ মোদী। এনে সঘন বিদেশ ভ্ৰমণে দেশলৈ কি লাভ কঢ়িয়াই আনিছে বুলিও বিৰোধীসকলে প্ৰশ্ন উত্থাপন কৰি আহিছে। অৱশ্যে চৰকাৰৰ তৰফৰ পৰা কৈ অহা হৈছে যে মোদীৰ ভ্ৰমণসূচীসমূহত বিভিন্ন দেশৰ সৈতে ভাৰতে একাধিক গুৰুত্বপূৰ্ণ বিষয়ত চুক্তিত স্বাক্ষৰ কৰিছে।

একেদৰে মোদীৰ বছৰি ১০০ কোটি টকীয়া ভ্ৰমণসূচীক লৈ ইতিবাচক মন্তব্য পোষণ কৰিছে বিদেশ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰী মুৰুলীধৰণৰ মতে, মোদীৰ ভ্ৰমণৰ বাবেই বিভিন্ন দেশৰ সৈতে ভাৰতৰ ব্যৱসায়িক সম্পৰ্ক উন্নত হৈছে। ভাৰতত বিদেশী বিনিয়োগো মোদীৰ বিদেশ ভ্ৰমণৰ বাবেই সম্ভৱ হৈছে বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে। 

'বিভিন্ন দেশৰ সৈতে তথ্যপ্ৰযুক্তি, মেধা, মহাকাশ আৰু প্ৰতিৰক্ষা সংক্ৰান্তীয় বিষয়ক লৈ যৌথ উদ্যোগত অনেক কাম আৰম্ভ হৈছে। দ্বিপাক্ষিক সম্পৰ্ক দৃঢ় হোৱাৰ লগতে আঞ্চলিক আৰু বিশ্বৰ বিভিন্ন ইছ্যুত ভাৰতৰ মনোভাৱৰ বিষয়ে অন্য দেশসমূহলৈ বাৰ্তা প্ৰেৰণ কৰিব পৰা গৈছে। ফলত ভাৰতৰ উন্নয়নৰ লগতে দেশৰ নাগৰিকসকলৰ অৰ্থনৈতিক অৱস্থাৰো পৰিৱৰ্তন সাধন হৈছে।’-মোদীৰ ৫০০ কোটি টকীয়া বিদেশ ভ্ৰমণৰ লাভালাভৰ কথা ক’বলৈ গৈ এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী মুৰুলীধৰণে।