দিল্লীঃ সংসদত বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মৌন ৰ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাত ধাৰাবাহিকভাৱে ভাৰতীয়সকলৰ ওপৰত হৈ থকা বিদ্বেষ, হিংসাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি সেই বিষয়ে উপৰ্যুপৰি বিৰোধী দলে আজি সংসদত প্ৰশ্ন কৰাৰ লগতে মোডীৰ নীৰৱ ভূমিকাক সমালোচনা কৰে।

আজি সংসদত কংগ্ৰেছৰ লগতে বহুকেইটা বিৰোধী দলে প্ৰধানমন্ত্ৰীৰ ভুমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে৷

বিপক্ষৰ নেতা মল্লিকাৰ্জুন খড়গে কয় যে প্ৰত্যেকতো ক্ষেত্ৰতে টুইট কৰা প্ৰধানমন্ত্ৰী এই বিষয়ত নিমাত৷ এই সম্পৰ্কত মোডীয়ে স্বীকাৰোক্তি দিব লাগে বুলি নেতাজনে কয়৷