নতুন দিল্লীঃ বৃহস্পতিবাৰে বৃহৎ সফলতাৰ পাছত বিজেপিৰ নেতাদ্বয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে আজি পুৱা দলটোৰ বয়োজ্যেষ্ঠ নেতা ক্ৰমে এলকে আদৱানি আৰু মুৰুলী মনোহৰ যোশীক সাক্ষাৎ কৰে।

পুৱা ১০ঃ২০ বজাত দুয়োজন নেতাই আদৱানিৰ বাসগৃহত উপস্থিত হৈ জ্যেষ্ঠ নেতাজনৰ আশিস বিচাৰে। ইয়াৰ পাছতে তেওঁলোক ১১ঃ০৯ বজাত আনজন জ্যেষ্ঠ নেতা মুৰুলী মনোহৰ যোশীৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ আশিৰ্বাদ লয়।

উল্লেখ্য যে এই দুই নেতাক বিজেপিৰ বৰ্তমানৰ নেতৃত্বই গুৰুত্ব প্ৰদান নকৰে বুলি বিৰোধীয়ে সততে অভিযোগ উত্থাপন কৰি আহিছে। ২০১৪ৰ নিৰ্বাচনতকৈও এইবাৰ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা বিজেপিৰ সভাপতি আমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী মৰেন্দ্ৰ মোডীয়ে বিজয়ৰ পাছতেই প্ৰথমে জ্যেষ্ঠ নেতাদ্বয়ক সাক্ষাৎ কৰাত বিৰোধীৰ এই অভিযোগ নস্যাৎ হ’ল। 

মন কৰিবলগীয়া যে এই নিৰ্বাচনত অমিত শ্বাহে আদৱানিয়ে কেইবা দশক প্ৰতিনিধিত্ব কৰি অহা গান্ধীনগৰ সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোটত বিজয়ী হৈছে।