নতুন দিল্লীঃ দিল্লীত পুনৰ আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰাতো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। দিনৰ ১১ বজালৈকে বিজেপিয়ে ২০টাতকৈও অধিক সমষ্টিত আপক প্ৰত্যাহ্বান জনাবলৈ সমৰ্থ হৈছিল যদিও সময় যোৱাৰ লগে লগে পুনৰ আধিপত্য বিস্তাৰ কৰে আপে। এই বাতৰি যুগুতোৱা পৰ্যন্ত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ আগবাঢ়ি আছে ৫৭খন আসনত। 

এনেদৰে এতিয়া দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক যুটি হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ যুটিক অনায়াসে পিছপেলাই তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে কেজৰিৱাল। ইয়াকে ভিত্তি হিচাপে লৈ এতিয়া আম আদমী পাৰ্টীয়ে পুনৰ সপোন দেখিছে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ বিস্তাৰৰ। মঙলবাৰে ইয়াৰ এক ইংগিত পোৱা গ’ল আপৰ কাৰ্যালয়ৰ সমুখত উপস্থিত হোৱা এজন সমৰ্থকৰ পোষ্টাৰত।

এই পোষ্টাৰত আগন্তুক লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে বিচৰা হৈছে অৰবিন্দ কেজৰিৱালক। পোষ্টৰখনত লিখা আছে, '২০২৪ঃ মোদী বনাম কেজৰিৱাল।’ দলৰ প্ৰধান কেজৰিৱালক দেশৰ প্ৰধান কৰাৰ আকাংক্ষাক দেশবাসীৰ সমুখত দাঙি ধৰিবলৈ আজিৰ গুৰুত্বপূৰ্ণ দিনটোকে বাছি লৈ পোষ্টাৰখন প্ৰদৰ্শন কৰে আপ সমৰ্থকজনে। 

উল্লেখ্য যে দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কেজৰিৱালৰ প্ৰধান প্ৰতিদ্বন্দী হৈ পৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অৰবিন্দ কেজৰিৱালক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ২০১৩ চনতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নোপোৱাকৈ সকলোতকৈ বেছি আসন পালেও চৰকাৰ গঠনত বাধা হৈ থিয় দিছিল কেজৰিৱাল। ২০১৫ চনত আকৌ দেশত প্ৰবল মোদী ঢৌ চলি থকা সত্বেও কেজৰিৱালৰ সমুখত ধূলিস্যাৎ হৈ পৰিবলৈ বাধ্য হৈছিল বিজেপি।

এনে পৰিপ্ৰেক্ষিততে ৰাষ্ট্ৰীয় ৰাজনীতিত এই পৰ্যন্ত সম্পূৰ্ণকৈ নামি নপৰিলেও মোদীৰ সম্ভাৱ্য প্ৰতিদ্বন্দীসকলৰ তালিকাত ৰাজনৈতিক বিশ্লেষকসকলে গুৰুত্বপূৰ্ণ স্থানত ৰাখিছে আপ প্ৰধান কেজৰিৱালক। বিশেষকৈ ২৭০ জনতকৈও অধিক সাংসদ তথা আটাইকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীক প্ৰচাৰ অভিযানত নমায়ো দিল্লীত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিবলৈ ব্যৰ্থ হোৱাত পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিত মোদীৰ বিৰুদ্ধে নিজকে শক্তিশালী নেতা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে কেজৰিৱাল।

ইফালে দিনৰ ১১ বজাৰ পিছত আম আদমি পাৰ্টীয়ে বিজেপিক পিছ পেলাই বহুদূৰ আগবাঢ়ি যোৱাৰ পিছতো আশা এৰি দিয়া নাই দিল্লী বিজেপিৰ সভাপতি মনোজ তিৱাৰীয়ে। 'এতিয়াও সময় আছে, আমি আশাবাদী। ফলাফল যিয়ে নহওক কিয়, ৰাজ্যখনৰ বিজেপিৰ সভাপতি হিচাপে মই দায়িত্ব মূৰ পাতি লম।'-এইদৰে কয় ভোট গ্ৰহণৰ শেষত প্ৰকাশ পোৱা এগজিট পোলক ভুল আখ্যা দিয়া তিৱাৰীয়ে।