নতুন দিল্লীঃ দেশৰ উন্নয়নৰ বাবে দেশবাসীকেই আগুৱাই আহিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বুধবাৰে সন্ধিয়া Times Nowৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, 'মোৰ প্ৰিয় দেশবাসী, আপোনালোক সকলোৱে নিজেই নিজৰ দায়িত্ব পালন কৰক। কিয়নো আপোনালোকেই দেশৰ মূল। সেয়ে যদিহে আপোনালোকে নিজৰ দায়িত্ব ঠিকমতে পালন কৰে তেন্তে চৰকাৰৰ দায়িত্ব বহুত কমি যাব। ফলত দেশৰ আৰু দ্ৰুত উন্নতি হ’ব।’ 

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীক আদৰণি জনাই টাইমছ গ্ৰুপৰ পৰিচালন সঞ্চালক বিনীত জৈনে আশা প্ৰকাশ কৰে যে ভাৰতক লৈ প্ৰধানমন্ত্ৰী মোদীয়ে যি সপোন দেখিছে সেয়া অতি শীঘ্ৰেই পূৰণ হ’ব। 'দেশৰ বিকাশক লৈ প্ৰধানমন্ত্ৰীৰ যি চিন্তাভাৱনা, সেয়া যথেষ্ট প্ৰেৰণাদায়ক। ভাৰতক ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিবলৈ তেওঁ যি সপোন দেখিছে সেয়া অচিৰেই পূৰণ হ’ব বুলি আমি আশাবাদী।’-এইদৰে কয় টাইমছ গ্ৰুপৰ পৰিচালন সঞ্চালকগৰাকীয়ে।

মোদীয়েও নিজৰ ভাষণত ৫ ট্ৰিলিয়ন অৰ্থনীতিৰ কথা কেবাবাৰো উল্লেখ কৰি আৰু কয়, 'কৰদাতাসকলৰ এতিয়া আৰু আগৰ দৰে দুশ্চিন্তা নাই। মানুহে যদি কৰ ঠিকমতে দিয়ে তেন্তে চৰকাৰৰ বোজা কমি যায়। আমি মানুহৰ বাবে কাম কৰি গৈছো। সেয়ে দেশৰ জনতাই আজি সুফল লাভ কৰিছে। আজি যিসকল দৰিদ্ৰ তেওঁলোকেও আগুৱাই যোৱাৰ সপোন দেখিব পাৰিছে। ভাৰতে আদি দ্ৰুতভাৱে সিদ্ধান্ত ল’ব পাৰে।’

দেশৰ উন্নয়নত সংবাদ মাধ্যমৰ ভূমিকা অপৰিহাৰ্য বুলিও 'Times Now’ৰ আজিৰ অনুষ্ঠানটোত মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 'স্বাধীনতাৰ সময়ত একোখন সৰু সৰু স্থানীয় বাতৰি কাকতেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইমানেই নহয় সেই বাতৰি কাকত পঢ়িয়েই বহু মানুহে স্বাধীনতা আন্দোলনত যোগ দিছিল। গতিকে আজিও দেশৰ উন্নতিৰ বাবে সংবাদ মাধ্যমে ইতিবাচক ভূমিকা পালন কৰিব লাগিব। আগুৱাই আহি দেশৰ বাবে কাম কৰিব লাগিব।’-সংবাদ মাধ্যম আৰু সাংবাদিকসকলক উদ্দেশ্যি এইদৰে কয় মোদীয়ে।