newsnextone.com | ডিজিটেল ডেস্কঃ আপোনাৰ নিশ্চয় ব্লু-হোৱেল গেমৰ কথা মনত আছে। প্ৰায় এবছৰ পূৰ্বে ইন্টাৰনেটত সন্ত্ৰাস সৃষ্টি কৰা ব্লু-হোৱেল নামৰ ভয়ানক চেলেঞ্জিং গেম বিধে বিশ্বৰ বিভিন্ন দেশত কেইবাজনো শিশু, কিশোৰ আৰু যুৱকৰ প্ৰাণ লোৱা বুলি বাতৰি প্ৰকাশ হৈছিল।

সদ্যহতে এই জীৱনহাৰী খেলবিধৰ সন্ত্ৰাস লোপ পাইছে যদিও ইন্টাৰনেট, ছ'চিয়েল মিডিয়াত এনেকুৱাই জীৱননাশী আন এক ভয়ানক চেলেঞ্জিং গেমৰ প্ৰসাৰ হোৱাৰ বাতৰি ভাইৰেল হৈ পৰিছে। যিয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত মূল সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।

কি এই চেলেঞ্জিং গেম

ব্লু-হোৱেলৰ দৰে এই চেলেঞ্জিং গেমটোৰ নাম হৈছে ম'মো বাদছাহ চেলেঞ্জ। পৈশাচিক চিত্ৰ আৰু কেইবাটাও ক্ৰমাগত ভাৱে ভয়ানক চেলেঞ্জৰ বাবে এই খেলটোৰ নাম ম'মো বাদছাহ চেলেঞ্জ ৰখা হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে মত পোষণ কৰিছে।

এই খেলবিধ ইমানেই ভয়ানক যে এই খেল যিসকলে খেলে, তেওঁলোকে নিশা শুবলৈ ভয় কৰিবলৈ আৰম্ভ কৰে আৰু শেষত মানসিক ভাৰাসাম্য হেৰুৱাই আত্মহত্যাৰ দৰে পথ বাছি লয়। এই খেলবিধে বিশেষকৈ শিশু আৰু কিশোৰক নিজৰ টাৰ্গেট কৰি লয় বুলি চাইবাৰ বিশেষজ্ঞসকল নিশ্চিত হৈছে।

কেনেকৈ খেলে ম'মো বাদছাহ চেলেঞ্জ

প্ৰথমে ব্যৱহাৰকাৰীক হোৱাটছাপ যোগে এটা লিংক প্ৰেৰণ কৰা হয়। এই লিংক অ'পেন কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে এটা ফোন নম্বৰ লাভ কৰে। যদি এই নম্বৰটো ব্যৱহাৰকাৰীয়ে মোবাইলত চেভ কৰে, তেন্তে ব্যৱহাৰকাৰীয়ে এটা ফোন কল লাভ কৰে। ফোন কল যোগে ব্যৱহাৰকাৰীক কোনো অচিনাকি লোকৰ সৈতে বাৰ্তাপাল কৰিবলৈ চেলেঞ্জ দিয়ে।

ব্যৱহাৰকাৰীয়ে এই চেলেঞ্জ স্বীকাৰ কৰাৰ পিছত ব্যৱহাৰকাৰীক অন্য প্ৰত্যাহ্বান প্ৰদান কৰা হয়। যদি ব্যৱহাৰকাৰীয়ে সেয়া স্বীকাৰ কৰিব নিবিছাৰে, তেন্তে ধমকি আৰু ব্লেকমেইলিং পদ্ধতিৰে সেয়া কৰিবলৈ জোৰ কৰা হয়। এয়া ব্যৱহাৰকাৰীক ইমানেই ভয় দেখুওৱা হয় যে মানসিকভাৱে দুৰ্বল আৰু শিশু, কিশোৰক মৃত্যুৰ মুখলৈ পৰ্যন্ত থেলি দিব পাৰে।

এই চেলেঞ্জ গেমৰ আটাইতকৈ ভয় লগা বিষয়টো হ'ল ইয়াৰ সৈতে ব্যৱহাৰকাৰীক পঠিওৱা ভয়ানক চিত্ৰসমূহ। এই ছবি অংকন কৰিছিল জাপানৰ মেদৰি ডি অ'শ্বি নামৰ চিত্ৰশিল্পীয়ে। কিন্তু তদন্তত গম পোৱা মতে চিত্ৰশিল্পী গৰাকীৰ এই গেমৰ সৈতে কোনো সম্পৰ্ক নাই।

প্ৰাণনাশী ম'মো বাদছাহ চেলেঞ্জ

ইতিমধ্যে আৰ্জেন্টিনাৰ এটি ১২ বছৰীয়া শিশুৱে এই খেলৰ কবলত পৰি প্ৰান হেৰুৱাইছে। আৰক্ষীয়ে অনুসন্ধান কৰি জানিব পৰা মতে, শিশুটিয়ে ইন্টাৰনেটত এই গেম খেলিয়ে মৃত্যুক আঁকোৱালি লয়। উল্লেখ্য যে, ছ'চিয়েল মাধ্যম যোগে এই ভয়ানক চেলেঞ্জিং গেম বিধ দ্ৰুতভাৱে প্ৰচাৰ হৈছে। 

যাৰ পৰিণতিত দেশৰ বিভিন্ন প্ৰান্তত কেইবাজনো শিশুৱে প্ৰাণ হেৰুৱাইছে। শেহতিয়াকৈ ইন্টাৰনেটৰ তথ্য অনুযায়ী এই গেম বিধৰ কবলত পৰি ভাৰতৰ হাৰিয়ানা, দিল্লী, কেৰেলা আৰু ৰাজস্থানৰ এজনকৈ শিশুৱে প্ৰাণ হেৰুৱাইছে।

ইন্টাৰনেটত এই গেমৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰিবলৈ বিভিন্নজনে বিভিন্ন ধৰণে পৰামৰ্শ আগবঢ়াইছে। বিশেষকৈ অভিভাৱকসকলে নিজৰ শিশুটিক অধিক সময় ইন্টাৰনেট অথৱা মোবাইলত ব্যস্ত থাকিবলৈ নিদিয়ে তাৰ বাবে পৰামৰ্শ দিয়া হৈছে।

আনহাতে যদি আপোনাৰ শিশুটি অধিক সময় ইন্টাৰনেট বা মোবাইলত ব্যস্ত হৈ থাকে, তেন্তে অতি সোনকালে কোনো মনোৰোগ বিশেষজ্ঞৰ ওচৰ চাপিবলৈ কোৱা হৈছে।