• ১৭,৯৫,৫২৯ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১১ গৰাকী প্ৰাৰ্থীৰ

ওদালগুৰিঃ বিগত ১১ এপ্ৰিলত ৰাজ্যৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তত বৃহস্পতি বাৰে অনুষ্ঠিত হব আন পাঁচটা সমষ্টিৰ ভোটগ্ৰহণ। 

এই দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টিকেইটা ক্ৰমে কৰিমগঞ্জ, শিলচৰ, স্বায়ত্বশাসিত জিলা, মঙ্গলদৈ আৰু নগাঁও। এই পাঁচোটা সমষ্টিত মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত মঙ্গলদৈ লোকসভা সমষ্টিত আছে মুঠ ১১ গৰাকী প্ৰাৰ্থী। এইসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শ‌ইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ কলিতা, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ শুধেন্দু মোহন তালুকদাৰ, অসম জন মৰ্চাৰ আইনুল হক, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্বনেলৰ গন্ধেশ্বৰ মোচাহাৰী, ভাৰতীয় গণ পৰিষদৰ বিৰেণ বাছাক, হিন্দুস্থান নিৰ্মাণ দলৰ মণিৰাম বসুমতাৰী, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অব্ ইণ্ডিয়া(কমিউনিষ্ট) দলৰ স্বৰ্ণলতা চলিহা, ইউপিপিএলৰ প্ৰদীপ কুমাৰ দৈমাৰীৰ লগতে আন দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে কাজি নেকিব আহমেদ আৰু জয়ন্ত কুমাৰ কলিতাই এইবেলি ৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ প্রতিদ্বন্ধিতা আগবঢ়াইছে। 

আনহাতে উক্ত সমষ্টিটোত মুঠ ১৭,৯৫,৫২৯ গৰাকী ভোটাৰে কালি ভোটদান কৰি এই প্ৰাৰ্থীসমূহৰ ভাগ্য নিৰ্ণয় কৰিব। মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত এক উল্লেখযোগ্য জিলা হ'ল ওদালগুৰি। সমগ্ৰ ওদালগুৰি জিলাখনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা হৈছে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা। জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০নং মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা হ'ল ৪,৩৬,১৩৭ গৰাকী। ইয়াৰে ভিতৰত ৬৪নং পানেৰী বিধানসভা সমষ্টিৰ ২০১ টা ভোটকেন্দ্ৰত ৭৩,৭১০ গৰাকী পুৰুষ আৰু ৭০,৮৪৭ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ১,৪৪,৫৫৭ গৰাকী। ৬৯নং ওদালগুৰি বিধানসভা সমষ্টিৰ ১৯৩ টা ভোটকেন্দ্ৰত ৭৩,৮২৮ গৰাকী পুৰুষ আৰু ৭১,৯৯৯ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ১,৪৫,৮২৭ গৰাকী। একেদৰে ৭০ নং মাজবাট লোকসভা সমষ্টিৰ ১৮৭ টা ভোটকেন্দ্ৰত ৭৫,১৯৩ গৰাকী পুৰুষ আৰু ৭০,৫৬০ গৰাকী মহিলাসহ মুঠ ভোটাৰৰ সংখ্যা ১,৪৫,৭৫৩ গৰাকী। কাইলৈ জিলাখনৰ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত বাবে হবলগীয়া নিৰ্বাচন উপলক্ষে ইতিমধ্যে প্ৰিজাইডিং, প'লিং বিষয়াসকল ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা আজি বিয়লি ৰাওনা হৈছে।