মৰিগাঁওঃ আগন্তক লোকসভা নিৰ্বাচনক কেন্দ্র কৰি নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিগাঁৱতো নিৰ্বাচনী গৰম বতাহ বলিছে।

শাসক-বিৰোধী উভয়ে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰাৰ সময়তে মঙলবাৰে বিজেপিৰ মিত্ৰ দল জাতীয় ঐক্য মঞ্চৰ নিৰ্বাচনী প্ৰচাৰ চলাই ফুৰা এখন গাড়ী ফ্লায়িং স্কোৱাডে জব্দ কৰা ঘটনাই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰে।

উল্লেখ্য যে নগাওঁ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ কেইবাদিন ধৰি জাতীয় ঐক্য মঞ্চ আৰু বিজেপিৰ পতাকা লগাই এএছ ২৫ এচি ৭৫১৪ নম্বৰ বলেৰ’ ট্ৰাকখনত আগপিনে তিনিটাকৈ মাইকৰ হৰ্ণ আৰু পিছপিনে চাৰিটাকৈ বৃহৎ শব্দৰ বক্স বান্ধি লৈ মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গাৱেঁ-ভূঞে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত দুজনমান যুৱকে এক আতংকময় পৰিৱেশ সৃষ্টি কৰি আছিল।

জিলা নিৰ্বাচনী বিষয়াৰ অনুমতি অবিহনে চলোৱা এই প্ৰচাৰ কাৰ্য বাবে আজি মৰিগাঁও নগৰত ফ্লায়িং স্কোৱাডৰ এটা গোটে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উক্ত গাড়ীখন জব্দ কৰে। এই ঘটনাই ৰাজনৈতিক মহলত চাঞ্চল্য সৃষ্টি কৰিছে।