ওদালগুৰিঃ ‘মা’ এটা বুজাব নোৱাৰ শব্দ৷ মা মানেই মমতা৷ মা মানেই নিৰাপত্তা৷ মা মানেই অস্তিত্ব৷ মা মানেই আশ্ৰয়৷ মা মানেই এবুকু ভালপোৱা৷ অযুত অৰ্থ লুকাই আছে ‘মা’ শব্দটোত৷

পৃথিৱাৰ সকলোতকৈ আপোন আৰু চৰ্চিত শব্দটো সকলোৰে প্ৰিয়৷ মাৰ ভালপোৱাক আজীৱন স্মৰণ কৰে মানুহে৷ মাক শ্ৰদ্ধা জনাই, মাৰ ভালপোৱাৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰো৷ প্ৰতি বছৰে মা দিৱস পালন কৰি মাক আমি শ্ৰদ্ধা কৰো৷

মাৰ মৰমৰ অৱদান আমি কেতিয়াও দিব নোৱাৰোঁ৷ জন্মৰ পৰাই আমাৰ শুশ্ৰুষা মায়ে কৰে৷ কাপোৰতে শৌচ-প্ৰস্ৰাৱ কৰা কেঁচুৱাটোক তালি-তুলি ডাঙৰ-দীঘল কৰে মায়ে৷ মাতৃৰ মৰম কি, সেই কথা সকলোৱে জানে৷ এই পৃথিৱীত মাতৃতকৈ শ্ৰেষ্ঠ কোনো নাই৷ ৯ মাহ দহ দিন পেটত ৰাখি বহু কষ্টেৰে লালন-পালন কৰে সন্তানক৷

কিন্তু সেই সন্তানেই পিছত অৱজ্ঞা কৰে মাতৃক৷ নতুন সংসাৰ লাভ কৰি পাহৰি পেলায় মাকৰ মৰম-ভালপোৱাক৷ কিন্তু সন্তান যিমানেই বেয়া নহলেও এগৰাকী মাতৃয়ে কেতিয়াও নিজৰ সন্তানক এলাগী নকৰে। সন্তানৰ প্ৰতি এগৰাকী মাতৃৰ মৰম অতুলনীয়।

অবুজ প্ৰাণী এটিয়েও জানে সন্তানক মৰম কৰিব৷ সন্তানৰ কাৰণে সমস্ত পৃথিৱীৰ লগত যুদ্ধও কৰিব পাৰে৷ বিশ্ব ব্ৰহ্মাণ্ড ক’তো আশ্ৰয় নাপালেও মাতৃৰ কোলা কিন্তু নিজৰ সন্তানৰ বাবে সদায় সুৰক্ষিত।

মাতৃয়ে নিজে ভোকে পিয়াহে থাকি হলেও সন্তানক এমুঠি অন্ন যোগান ধৰে। কিন্তু সাম্প্ৰতিক সময়ৰ সমাজ ব্যৱস্থাত এটা প্রধান সমস্যাৰূপে দেখা দিছে একাংশ সন্তান নিজৰ বৃদ্ধ পিতৃ-মাতৃক অৱহেলাৰ দৃষ্টিৰে চোৱাটো। 

বৃদ্ধ পিতৃ-মাতৃসকল সন্তানসকলৰ কাৰণে যেন এটা বোজাহে। আধুনিক সমাজ ব্যৱস্থাত যৌথ পৰিয়ালৰ বিলুপ্তি আৰু একক পৰিয়ালৰ মানসিকতা গঢ় লৈ উঠা হেতু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক দায়বদ্ধতা কমি আহিছে আৰু মানুহৰ আন্তৰিক মৰম-চেনেহৰ বান্ধোন চিঙো চিঙো হৈছে।

কিন্তু আলাসৰ লাড়ু পুত্ৰই হত্যা কৰি এগৰাকী মাতৃক জ্বলাই দিয়ে৷ এই অমানৱীয় হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাত৷

পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা৷ জন্মদাত্ৰী মাতৃক হত্যা কৰি নিশা জংঘলত জ্বলাই দিয়াৰ ঘটনাই প্ৰমাণ কৰিছে সমাজ খনৰ পৰা ক্ৰমান্বয়ে যেন হেৰাই গ’ল মানৱতা৷ একাংশ মানুহে মানৱতা সঁচাকৈয়ে যেন হেৰুৱাই পেলাইছে৷ জীৱ শ্ৰেষ্ঠ মানুহে ক্ৰমান্বয়ে হেৰাই পেলালে নেকি মানৱতা৷

তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ উত্থানে মানুহক সভ্যতাৰ উচ্চ শিখৰলৈ নিয়া বুলি চৰ্চা হোৱাৰ সময়তে একাংশ লোকৰ কৰ্মকাণ্ডই মানুহ যে লাহে লাহে মানৱতাহীন হৈ পৰিছে তাকেই প্ৰমাণ কৰে৷ একৈশ শতিকাৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সঁচাকৈয়ে মানুহৰ মানৱতাৰ স্খলন হ’ল নেকি৷ 

বহু সন্তানে নিজৰ পিতৃ-মাতৃক নিৰ্যাতন চলাব পৰা হ’ল। বৃদ্ধ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ পঠিয়াই পত্নী-সন্তানৰ সৈতে সুখৰ জীৱন অতিবাহিত কৰে।

তেনেই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয় ওদালগুৰি চহৰত। আদিবাসী সম্প্ৰদায়ৰ এটা পৰিয়ালৰ পুত্ৰই নিজৰ প্ৰায় ৭০ বছৰীয়া মাতৃক এৰি থৈ যায় পদপথত। ফলত অসহায় মাতৃগৰাকীয়ে শেষ আশ্ৰয় লব লগা হয় এটি কালভাৰ্টত। যাৰ ঠিকনা হৈ পৰে এটা কালভাৰ্ট৷ 

উপায়ন্তৰ হৈ অসহায় মাতৃগৰাকীয়ে আশ্ৰয় লয় এটি কালভাৰ্টৰ ভিতৰত। মৰ্মান্তিক ঘটনা সংঘটিত হয় ওদালগুৰি চহৰৰ ৪ নং ৱাৰ্ডৰ পূৱ নগৰত। ওদালগুৰি জিলাৰ ভূটীয়া চাং অঞ্চলৰ নাগিছ(৭২) নামৰ মাতৃগৰাকীৰ পুত্ৰ সুখৰামে নিজৰ পুত্ৰৰ সহযোগত পথত এৰি থৈ যায় মাতৃক। 

আদিবাসী সম্প্ৰদায়ৰ মাতৃগৰাকীয়ে অচিনাকী ঠাইডোখৰত উপায়ন্তৰ হৈ সমীপৰে এটি কালভাৰ্টত আশ্ৰয় লবলৈ ধৰিলে। এনেদৰে সময় অতিক্ৰম কৰাৰ অন্তত দেওবাৰে পুৱা স্থানীয় মহিলাই মাতৃগৰাকীক কালভাৰ্টৰ ভিতৰত শুই থকা প্ৰত্যক্ষ কৰিলে। 

ভোকাতুৰ মাতৃগৰাকীক মহিলাকেইগৰাকীয়ে খাবলৈ দিয়ে৷ প্ৰদান কৰি ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীক নিজ গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷

⇒নাৰী সদায় লাঞ্চিত-বঞ্চিত

⇒নাৰীৰ স্বাধীনতা, নাৰীৰ সুৰক্ষা, নাৰীৰ প্ৰাপ্য অধিকাৰক লৈ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ নাৰী দিৱসৰ মূল লক্ষ্য হৈছে লিংগ বৈষম্য দূৰ কৰি সম অধিকাৰ প্ৰদান কৰা, নাৰীসকলক শোষণ, বঞ্চনাৰ পৰা মুক্ত কৰা৷

মমতাময়ী, কৰুণাময়ী, সহনশীল, ধৈৰ্যশীল, ত্যাগৰ প্ৰতীক বুলি কোৱা হয় নাৰীক৷ নাৰী সীমাহীন গুণৰ অধিকাৰী৷ কেতিয়াবা যদি নাৰীক দুৰ্গাৰ সৈতে তুলনা কৰা হৈছে আকৌ কেতিয়াবা সৰস্বতীৰ সৈতে তুলনা কৰা হয় নাৰীক৷ পৃথিৱীৰ অনুপম সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে ধৰি লোৱা হয় নাৰীক। নাৰী নাথাকিলে সমাজ সফল হ’ব নোৱাৰে বুলিও কোৱা হয়৷

নাৰী হৈছে সৃষ্টিৰ আধাৰ৷ নাৰীৰ অবিহনে সৃষ্টি অসম্ভৱ৷ সেয়ে নাৰীক কোৱা হয় অৰ্ধ আকাশ৷ কিন্তু নাৰীয়ে বৰ্তমানেও সম অধিকাৰ পাইছেনে? নাৰীটো কেতিয়াও পুৰুষৰ কোনো গুণেই কম নহয়? তেন্তে! ই এক বৃহৎ প্ৰশ্ন৷ প্ৰশ্ন এই বাবেই কিয়নো নাৰী আজিও ৰাজ পথত শুই দিন পাৰ কৰিব লগা হৈছে৷ পেট প্ৰৱৰ্তনৰ বাবে নিকৃষ্ট পন্থা অৱলম্বন কৰিব লগা হয়৷

এই সকলৰ বাবে ভাবিব কোনে? কেন্দ্ৰীয়-ৰাজ্য চৰকাৰেও নাৰীৰ সুৰক্ষাৰ স্বাৰ্থত ৰূপায়ন কৰে বিভিন্ন আঁচনি। বৃদ্ধ পিতৃ-মাতৃক যাতে নিজ সন্তানে বৃদ্ধাৱস্থাত নিৰ্যাতন চলাব নোৱাৰে অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ বাবে আংচনি ৰূপায়ন কৰে চৰকাৰে। কিন্তু এনে সময়ত দেখা গৈছে যে সমাজৰ একাংশ মাতৃ-নাৰী লাঞ্চিত-বঞ্চিত৷