বিশেষ প্ৰতিবেদনঃ এইকেইদিন সমগ্ৰ দেশতে চৰ্চিত হৈ পৰিছে এটা বিশেষ ধৰ্মীয় শব্দ। সেয়া হৈছে তবলীগ জামাত। এই তবলীগ জামাতৰেই  নেতা মৌলানা মহম্মদ চান্দ সম্প্ৰতি নিৰুদ্দেশ হৈ আছে। দিল্লীৰ নিজামুদ্দিন অঞ্চলত আয়োজন কৰা তবলীগ জামাতৰ এক কাৰ্যসূচী কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰাৰ পিছতে কোনো সন্ধান পোৱা হোৱা নাই এইগৰাকী ধৰ্মীয় নেতাৰ।

ইতিমধ্যে দিল্লী আৰক্ষীয়ে মৌলানা চান্দৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৌলানাই নিজামুদ্দিনত এখন বিশাল ধৰ্মীয় সভাৰ আয়োজন কৰি চৰকাৰৰ আদেশ উলংঘা কৰিছে। ইফালে মঙলবাৰে সংবাদ মাধ্যমত মৌলানা চান্দ নিৰুদ্দেশ হোৱাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে নিশা এটা অডিঅ' মেছেজযোগে ধৰ্মীয় নেতাজনে জনাই যে চৰকাৰে আহ্বান জনোৱা ধৰণে তেওঁ আইছ’লেশ্যনত আছে।

এনেদৰে এতিয়া সৰ্বত্ৰে চৰ্চিত হৈ পৰাৰ পিছত সকলোৱে ৫৫ বছৰীয়া মৌলানা চান্দৰ সবিশেষ জানিবলৈ ইচ্ছুক হৈ পৰিছে। বহুতেই ইমান বৃহৎ ধৰ্মীয় সংগঠন এটাৰ নেতাগৰাকীৰ বিষয়ে জানিবলৈ গুগলৰ সহায় লৈছে যদিও নিৰাশ হ’বলগীয়াত পৰিছে। কিয়নো গুগলত বিচাৰি চলাথ কৰিলেও এইগৰাকী মৌলানাৰ ছবি অথবা তেওঁৰ বিষয়ে কোনো লেখা বা তথ্য পাবলৈ নাই বুলিলেও ভুল কোৱা নহয়। যি দুই এটা চকুত পৰিব সেয়া চান্দৰ বিষয়ে সবিশেষ জানিবলৈ যথেষ্ট নহয়। 

ইয়াৰ কাৰণ এয়া নহয় যে তবলীগ জামাত আৰু মৌলানা চান্দে আঁৰত থাকি কাম কৰে। আচলতে তবলীগ জামাত তথা ইয়াৰ নেতা মৌলানা চান্দ টিভি, চিনেমা, ভিডিঅ’ আৰু ইণ্টাৰনেটৰ ঘোৰ বিৰোধী। তেওঁলোকৰ দৃষ্টিত এইবোৰ হৈছে ধৰ্মবিৰোধী কাৰ্যকলাপ। সেয়ে তবলীগ জামাতত ভাগ লৈ অহাৰ পিছত বহু সদস্যই ঘৰত ভৰি থৈয়েই টিভি আদি মনোৰঞ্জনৰ উপকৰণ ভাঙি বা দলিয়াই পেলোৱাৰ দুই-এটা খবৰো মাজে মাজে পোৱা যায়।

নিজামুদ্দিন অঞ্চলৰ স্থানীয় লোকসকলে কি কয়?

বিবিচিত প্ৰকাশিত বাতৰি মতে মৌলানা চান্দৰ ঘৰত আজিলৈকে টিভি নাই। আনকি আজিলৈকে তেওঁলোকে ঘৰত ফটো তুলি পোৱা নাই বুলিও জনাইছে পৰিয়ালৰ সদস্যসকলে। পৰিয়ালৰ সদস্যসকলে কেমেৰা দেখাই নাই বুলিও মন্তব্য কৰিছে।

'আমাৰ ঘৰত এতিয়ালৈকে টিভি অনা হোৱা নাই। আমি টিভি চাই পোৱা নাই আৰু আমি কেতিয়াও ফটোও তোলা নাই। জামাতত বিশ্বাসীসকলৰ দৃষ্টিত টিভি, ফটো আৰু চিনেমা আদি ইছলাম ধৰ্ম বিৰোধী। জামাতৰ অধিকাংশ ব্যক্তিৰ ওচৰত মোবাইল ফোনো নাই।’-এইদৰে কয় মৌলানা চান্দৰ নিকট আত্মীয় মৌলানা জিয়াউল হাছানে হাছানে।

মৌলানা চান্দৰ পৰিয়ালৰ লোক আৰু বহু বছৰ ধৰি তেওঁক দেখি থকা লোকসকলৰ সৈতে কথা-বতৰা হোৱাৰ অন্তত বিবিচিৰ সাংবাদিকে জনাইছে যে নিজামুদ্দিন অঞ্চলতে সৰুৰে পৰা ডাঙৰ-দীঘল হৈছে মৌলানা চান্দ। তেওঁৰ পূৰ্বপুৰুষো ইয়াতেই আছিল। জামাতৰ দায়িত্ব উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল মৌলানা চান্দে।

মৌলানা চান্দ ইছলামৰ পণ্ডিত নহয় যদিও সংগঠন চলোৱাত তেওঁ সিদ্ধহস্ত আৰু সেয়ে সকলোৱে তেওঁক সমীহ কৰি চলে। স্থানীয় লোকসকলে জনোৱা মতে তেওঁ অইনৰ কথা প্ৰায় নুশুনেই আৰু এগৰাকী ধৰ্মীয় নেতা হিচাপে প্ৰতিটো মুহূৰ্ততে বাকীসকলক নিজৰ অধীনত ৰাখিবলৈ চেষ্টা চলায়। তেওঁৰ নীতি-আদৰ্শৰ বিৰোধিতা কৰা লোকসকলক শত্ৰু জ্ঞান কৰে বুলিও জনাইছে স্থানীয় লোকসকলে।

ইছলাম ধৰ্মত বিজ্ঞানক মানি চলা নহয়

মৌলানা চান্দ ১৯২৫-২৬ চনত তবলীগ জামাত প্ৰতিষ্ঠা কৰা ইছলামিক পণ্ডিত মৌলানা ইলিয়াছ কান্ধলবীৰ আজো নাতি। এক কথাত ক’বলৈ গলে জামাতৰ দায়িত্ব তেওঁ উত্তৰাধিকাৰী সূত্ৰে পাইছে। তেওঁৰ জন্মৰ ৫৫ বছৰৰ পূৰ্বে জামাত নিজামুদ্দিন বস্তিৰ য’ত প্ৰতিষ্ঠা কৰিছিল বৰ্তমানও তাতেই অৱস্থিত। 

তেওঁৰ ঘৰ জামাতৰ মুখ্য কাৰ্যালয়ৰ সৈতে লগতে আছে। জামাতৰ লাখ লাখ সদস্য পৃথিৱীৰ ৮০ খন দেশত বিয়পি আছে। মূলতঃ পাকিস্তান, বাংলাদেশ, ইউৰোপ, অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ জামাতৰ মৌলানা চান্দেই মুখ্য নেতা তথা নিৰ্দেশক। তেওঁ আজোককাক মৌলানা ইলিয়াছ আৰু ককাক মৌলানা ইউছুফক অনুসৰণ কৰি বিজ্ঞানক কেতিয়াও সমৰ্থন কৰা নাই। কাশীফুল উলেমাৰ পৰা শিক্ষা গ্ৰহণ কৰা মৌলানা চান্দ আজিও মধ্যযুগীয় ইছলামিক নীতিসমূহতে অটল হৈ আছে।

মাদ্ৰাছা শিক্ষাৰে শিক্ষিত হ’লেও ইব্ৰাহিম দেওল আৰু মৌলানা আহমদ লাতৰ দৰেকৈ তেওঁক ইছলামিক পণ্ডিতৰ শাৰীত ধৰা নহয়। সেয়ে ৫ বছৰৰ আগতে যেতিয়া তেওঁ জামাতৰ আমিৰৰ দায়িত্ব লাভ কৰিছিল তেতিয়া তেওঁ জ্যেষ্ঠ আলিমসকলৰ পৰা পাবলগীয়া ধৰণে গুৰুত্ব লাভ কৰা নাছিল।

মৃত্যুৰ বাবে মছজিদতকৈ উপযুক্ত ঠাই আন একো হ’ব নোৱাৰে

ইছলামৰ গোড়া ধৰ্মীয় নেতাসকলে যে বৈজ্ঞানিক মানসিকতাক শত্ৰু জ্ঞান কৰে তাৰ আন এক স্পষ্ট প্ৰমাণ দেখা গৈছে মৌলানা চান্দে কৰ’না ৰোগ সন্দৰ্ভত দিল্লী চৰকাৰে সকলো ধৰ্মীয় অনুষ্ঠানৰ লগতে মছজিদসমূহো বন্ধ ৰাখিবলৈ দিয়া নিৰ্দেশক লৈ কৰা মন্তব্যত। ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীত কৰ’নাই ভয়াৱহ ৰূপ ল’বলৈ আৰম্ভ কৰা সময়তে দিল্লী চৰকাৰে লকডাউনৰ পূৰ্বে এক নিৰ্দেশনাযোগে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছিল। উক্ত নিৰ্দেশনাৰ পিছতে সেয়া কোনোপধ্যেই হ’ব নোৱাৰে বুলি অনুগামীসকলক স্পষ্ট কৰি দিছিল মৌলানা চান্দে।

'যি ধৰণৰ যিমানেই দুৰ্যোগ নাহক কিয়, তোমালোকে কেৱল মছজিদলৈ দৌৰি অহা উচিত। মছজিদত আহিলে বেমাৰ হ’ব এয়া হাঁহি উঠা কথা। মই আকৌ কৈছো যদিহে তোমালোকৰ এনে লাগে যে মছজিদলৈ আহিলে মৃত্যু হ’ব পাৰে তেন্তে মৃত্যুৰ বাবে মছজিদতকৈ আন একোৱেই উপযুক্ত ঠাই হ’ব নোৱাৰে। মানুহে যদি কয় যে মছজিদলৈ আহিলে বেমাৰ বিয়পিব আৰু সেয়ে মছজিদ বন্ধ কৰি দিব লাগে, তেনে কথালৈ তোমালোকে মুঠেই কাণ নিদিবা। আমি সাৱধান হ’ব লাগিব। কিন্তু সেয়া অইনলৈ ঠেলি দিয়ক, নহ’লে পীড়া বাঢ়িব। এয়া মহান আল্লাহৰ নিয়মৰ বিৰোধী। অজাবৰ সময়ত মছজিদলৈ কোনো কাৰণ নোহোৱাকৈয়ে আহিছিল। আৰু এতিয়া অজাব (দুৰ্যোগ) নাইকিয়া কৰিবলৈ মছজিদ বাদ দিব লাগিব? তোমালোকেই ভাবা এয়া কিমান ভয়ংকৰ কথা। মুঠৰ ওপৰত কোনো কাৰণতে মছজিদ বন্ধ কৰাৰ কথাই নাহে।’-ভাইৰেল হৈ পৰা এটি ভিডিঅ’ত এইদৰে কোৱা শুনা গৈছে মৌলানা চান্দক।

গুজৰাটৰ দুই মৌলানা আৰু জামাতত সংঘাত

জ্যেষ্ঠ আলিমসকলৰ পৰা পাবলগীয়া গুৰুত্ব লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত তিনি বছৰৰ পূৰ্বে জামাতত মতভেদ স্পষ্ট হ’বলৈ ধৰে। মতভেদৰ কেইদিনমান পিছতে দুটা গোটত বিভক্ত হৈ পৰে তবলীগ জামাত। এটা গোটৰ নেতা হৈ থাকে দিল্লীৰ নিজামুদ্দিনৰ 'লোকেল বয়’ মৌলানা চান্দ। আনটো গোটক নেতৃত্ব দিয়ে গুজৰাটৰ ৮০ উৰ্ধৰ দুই ধৰ্মীয় নেতা তথা বিজ্ঞ আখ্যা পোৱা মৌলানা লাত আৰু মৌলানা ইব্ৰাহিমে।

গুজৰাটৰ মৌলানাৰ গোটলৈ কিমান মানুহ গুচি যায় তাৰ কোনো স্পষ্ট হিচাপ জামাতৰ কাৰো ওচৰত নাই। বহুতে ক’ব খোজে যে ৬০ শতাংশ লোকেই গুজৰাটৰ মৌলানাৰ গোটটোত যোগদান কৰে। চান্দৰ সমৰ্থকসকলে আকৌ মাত্ৰ ১০ শতাংশ লোকেহে নতুন জামাতলৈ যোৱা বুলি দাবী কৰে। 

সংগঠনত আহি পৰা এনে সংঘাত মৌলানা চান্দৰ বাবে কঠোৰ পৰীক্ষা সদৃশ হৈ পৰিছিল। অৱশেষত নিজৰ অহংকাৰ তথা জেদী স্বভাৱৰ বাবে সেই পৰীক্ষাত তেওঁ অনুত্তীৰ্ণ হয় আৰু সংগঠনত ফাট মেলে। অৱশ্যে মৌলানা জিয়াউল হাছানে জামাত দুভাগত বিভক্ত হোৱাৰ বাবে মৌলানা চান্দৰ পৰিৱৰ্তে গুজৰাটৰ মৌলানা দুগৰাকীকহে জগৰীয়া বুলি ক’ব খোজে।

তেওঁ কয়, 'মৌলানা ইব্ৰাহিম আৰু মৌলানা লাটে প্ৰতি সপ্তাহতে এজন নতুন লোকক আমিৰ পতাৰ কথা কৈ আহিছিল। আপোনালোকেই কওক, যদিহে এটা কোম্পানী বা সংগঠনৰ নেতাজনক যদি সঘনে সলনি কৰি থকা হয় তেন্তে সেইটো আৰু কিবা কোম্পানী বা সংগঠন হৈ থাকিবনে? এনেকুৱা হ’লে সিদ্ধান্তবোৰ কেনেকৈ ল’ব পৰা যাব?’ 

জামাতৰ দুয়োটা গোটৰ নেতাৰ সৈতে সুসম্পৰ্ক থকা জাফৰ সৰেশৱালাই দুয়ো পক্ষৰ মাজত বুজাপৰা কৰাবলৈ বহুত চেষ্টা চলাইছিল যদিও সফল হ’ব নোৱাৰিলে বুলিও জনাই মৌলানা হাছানে। আনহাতে মৌলানা চান্দৰ জেদী স্বভাৱ সন্দৰ্ভতো তেওঁ কয়, 'এই অভিযোগ সম্পূৰ্ণৰূপে সত্য নহয়। তেওঁ গোটেই বিশ্বৰেই জামাতৰ নেতা। সেয়ে বহু বিষয় আৰু ঘটনাক লৈ সিদ্ধান্ত ল’বলগীয়া হয়। সেয়া কৰিবলৈ যাওতে কোনো কোনো লোক অসন্তুষ্ট হোৱাতো স্বাভাৱিক।’ 

ইফালে ৩ বছৰ পূৰ্বে ভাৰতত সংগঠনটোৰ নেতাসকলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ স্পষ্ট প্ৰভাৱ পৰে সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তত থকা শাখাসমূহতো। উদাহৰণ হিচাপে বাংলাদেশৰ জামাতৰ ওপৰত এতিয়া মৌলানা চান্দৰ প্ৰভাৱ তেনেই কম। পাকিস্তানৰ জামাততো গুজৰাটৰ মৌলানা দুগৰাকীৰহে আধিপত্য বিয়পি পৰিছে। অৱশ্যে মালয়েছিয়া, কিৰ্ঘিস্তান আৰু ইণ্ডোনেছিয়াৰ লগতে ইউৰোপ তথা আমেৰিকাৰ দেশসমূহত বৰ্তমানো মৌলানা চান্দৰ দপদপনি অব্যাহত আছে।