শ্ৰীনগৰঃ কৰ’না আতংক সত্বেও কাশ্মীৰত অব্যাহত থকা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাজতে আজি এক অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সমৰ্থ হয় নিৰাপত্তা বাহিনীয়ে। বুধবাৰে উপত্যকাটোৰ পুলৱামা জিলাত সেনা-আৰক্ষীৰে হোৱা এক সংঘৰ্ষত নিহত হয় ম'ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ৰিয়াজ নাইকুৰ।

যোৱা ৮ বছৰ ধৰি দুৰ্ধৰ্ষ ৰিয়াজৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল নিৰাপত্তাৰক্ষীয়ে। ৰিয়াজৰ সন্ধান দিওতালৈ ১২ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল প্ৰশাসনে। অৱশেষত একাধিক প্ৰচেষ্টাৰ অন্তত আজি ধৰা পৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নাইকু।

নাইকুৰ মৃত্যুৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ সমগ্ৰ জম্মু-কাশ্মীৰৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে প্ৰশাসনে। ইয়াৰ লগতে আইন-শৃংখলাজনিত আন একাধিক বাধা-নিষেধো আৰোপ কৰা হৈছে কেন্দ্ৰীয় শাসিত ৰাজ্যখনত।

গোপন সূত্ৰৰ ভিত্তি হিজবুল মুজাহিদিনৰ অপাৰেশ্যনেল কমাণ্ডাৰ ৰিয়াজ নাইকু পুলৱামাৰ বাইঘপোৰা গাঁৱত আশ্ৰয় লৈ থকা বুলি জানিব পাৰিছিল নিৰাপত্তাৰক্ষীয়ে। ইয়াৰ পিছতে স্থানীয় আৰক্ষীৰ সৈতে যৌথভাৱে অভিযান আৰম্ভ কৰে নিৰাপত্তাবাহিনীৰ এটা দলে।

সেনা-আৰক্ষী অহাৰ উমান পাই নাইকুৱে গুলীচালনা আৰম্ভ কৰে। লগে লগে অভিযানকাৰী দলটোৱেও প্ৰতুত্ত্যৰ দিয়ে। দুয়োপক্ষৰ মাজত বহুসময় ধৰি গুলীয়াগুলীৰ অন্তত অৱশেষত নিহত হয় দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজন।

উল্লেখ্য যে, ২০১৬ চনৰ জুলাই মাহত বুহান ৱানিৰ মৃত্যুৰ পিছত হিজবুলৰ নেৃতৃত্ব লাভ কৰিছিল নাইকুৱে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, পুলৱামাৰ পাম্পোৰত আন এক সংঘৰ্ষত আৰু দুজন সন্ত্ৰাসবাদীও নিহত হয়। দুয়োটা অভিযান আৰম্ভ হৈছিল মঙলবাৰে নিশা প্ৰায় ১১ বজাত।