ছাদিকুজ জামান, মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছিল কোটি টকীয়া কেলেংকাৰী৷ কেলেংকাৰীক গাপ দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখা নীলবাগানত স্থানান্তৰকৰণৰ চেষ্টা চলাইছিল এটা অসাধু চক্ৰই৷ 

অৱশেষত সংবাদ মাধ্যমত ফাদিল হৈছিল কেলেংকাৰীৰ বিতং তথ্য৷ গ্ৰাহক ৰাইজৰ প্ৰতিবাদ আৰু নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ তৎপৰতাত বাতিল হ’ল বেংক হস্তান্তৰ ষড়যন্ত্ৰ৷ মোৰাঝাৰ বজাৰত এচ বি আই মোৰাঝাৰ শাখা গ্ৰাহক সুৰক্ষা ও সমন্বয় সমিতি, এন এচ ইউ আই, আমছু,ইউ ডি এচ এফ, আকছু, নেমছু, কৃষক মুক্তি সংগ্ৰাম সমিতি, ড্ৰাইভাৰ ইউনিয়ন, মোৰাঝাৰ ব্যৱসায়ী সংস্থাকে ধৰি স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সহযোগত মোৰাঝাৰ বজাৰত সাধাৰণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷

এই কাৰ্যসূচী ৰূপায়নৰ সময়ছোৱাত নিজৰ ভাষনত সমন্বয় সমিতিৰ সভাপতি আমিৰ উদ্দিনে বেংকত সংঘটিত দুৰ্নীতিৰ চি বি আই পৰ্য্যায়ৰ তদন্ত কৰি বাকী কেলেংকাৰীত জড়িত লোকসকলক আইনী শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছিল৷ তাৰ পাছত তৎপৰ মোৰাঝাৰ আৰক্ষী৷

এজন লোকক জেললৈ প্ৰেৰণ কৰাৰ পাছত কালি মোৰাঝাৰৰ আমবাৰীস্থিত পৰা আন এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কোটি টকীয়া কেলেংকাৰীৰ মষ্ট ৱাণ্টেড গ্ৰেপ্তাৰ হোৱা প্ৰদীপ নমশুদ্ৰ এজন কেন্টিন বয় আছিল৷ তেওঁৰ দৰমহা আছিল ১২০০ টকা৷ 

এই ল’ৰাজনেই কোটি টকাৰ মালিক হ’ল৷ জানিব পৰা মতে পত্নীৰ নামত বেংকৰ চি এচ পি লৈ, শাহুৰেকৰ নামত বেংক একাউন্ট খুলি সেই একাউন্টত কোটি কোটি কৃষি ঋণৰ টকা জালিয়াতিৰে আবন্টন লৈ আত্মসাৎ কৰিছিল প্ৰতীভে৷ 

বিভিন্ন ঠাইত কিনিছিল বিঘাই বিঘাই মাটি, এক দৰত ক্ৰয় কৰিছিল মাটি৷ আন এক আকৰ্ষণীয় খবৰৰ মতে বিগত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড সদস্য জিকি আমবাৰী পঞ্চায়তৰ উপ সভাপতি নিৰ্বাচিত হ’বলৈ ৭ জন সদস্যৰ সমৰ্থন লাভ কৰিবলৈ পালচাৰ বাইক কিনি দিছিল, এই খবৰে সমগ্ৰ অঞ্চলটোত কৌতুহলৰ সৃষ্টি হৈছিল৷ এতিয়া আচল ৰহস্য ৰাইজে জানিব পাৰি উৎফুল্লিত হৈছে৷

ভাৰতীয় ষ্টেট বেংকৰ ১৯৮৬ চনত স্থাপিত মোৰাঝাৰ শাখাত চি এচ পি গ্ৰাহক সহ মুঠ ১০৩১৮৩ জন গ্ৰাহক আছে, কে চি চি ঋণ বা লোন কেলেংকাৰীত বেংকৰ বিষয়া সকল জড়িত আছিল, ইতিমধ্যে কেবাজন বিষয়াক নিলম্বনো কৰা হৈছিল৷ এজন লোকক জেললৈ প্ৰেৰণ কৰা হৈছিল৷ ইমানতেই তদন্ত শেষ হোৱা বুলি সন্দেহ উপজিছে ৰাইজৰ৷ কিন্ত পুনৰ তদন্ত খৰকতীয়া হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে৷ 

মঙলবাৰে মষ্ট ৱাণ্টেট প্ৰদীপ নমশুদ্ৰক আদালতত হাজিৰ কৰি পুনৰ আৰক্ষীৰ জিম্মাত আনিছে মোৰাঝাৰ আৰক্ষীয়ে৷ বহু কেইজন বেংক কেলেংকাৰীৰ লগত জড়িত লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে৷

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰত কৃষি ঋণৰ নামত সংঘটিত হৈছিল কোটি টকীয়া কেলেংকাৰী৷ কেলেংকাৰীক গাপ দিবলৈ ভাৰতীয় ষ্টেট বেংকৰ মোৰাঝাৰ শাখা নীলবাগানত স্থানান্তৰকৰণৰ চেষ্টা চলাইছিল এটা অসাধু চক্ৰই৷ 