♦ কংগ্ৰেছ নেতা ৰেহান উদ্দিনক ভাবুকিৰ অভিযোগ, এজাহাৰ দাখিল 

ছাদিকুজ জামান, মোৰাঝাৰঃ বিকল, বিকল আৰু বিকল, এই খবৰ পুৱাই পোহৰলৈ আহিছে| দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ ২২৫ নং চামৰালি টোপ গাঁও কেন্দ্ৰ, ২৩২ নং সোনাইবিবি বালিকা বিদ্যালয় কেন্দ্ৰত উওপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যদিও উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পলমকৈ হ’লেও নতুন মেচিনেৰে ভোটগ্ৰহণ হয়, ৬৩ নং ভোট কেন্দ্ৰত ইভিএমৰ বিজুতিৰ বাবে প্ৰায় এক ঘন্টা পলমকৈ ভোটগ্ৰহণ আৰম্ভ হয়।

এনেদৰে প্ৰায় ৩২ টা কেন্দ্ৰত মেচিন বিকল হোৱাৰ খবৰ পোৱা গৈছে আৰু শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়| হোজাই তেলীবস্তী এলপি স্কুলত মেচিন বিকল হয়|

আজি ভোটগ্ৰহণত ইভিএম বিকল হোৱা ঘটনাৰ খবৰে নেতা আৰু দলীয় কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰে|কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈয়ে এয়া ষড়যন্ত্ৰ বুলি কয়। কিয়নো কংগ্ৰেছে ভোট লাভ কৰাৰ সম্ভাৱনা থকা এলেকাত এনে ঘটনা সংঘটিত হৈছে| 

যমুনামুখত কংগ্ৰেছ নেতা ৰেহান উদ্দিনক ভাবুকি প্ৰদান কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে| বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিনক ফোনযোগে মন্ত্ৰী আৰু আৰক্ষী অধীক্ষকে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উঠিছে| 

মন্ত্ৰী পিয়ুষ হাজৰিকাই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে| লগতে হোজাই জিলা আৰক্ষী অধীক্ষক আৰু ডবকা থানাৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ভাবুকিৰ অভিযোগ উঠিছে|

জিলাখনৰ যমুনামুখ সমষ্টিত প্ৰায় অৰ্ধ শতাধিক ইভিএম বিকল হোৱাৰ খবৰ পোৱাৰ পাছতে ইয়াত চক্ৰান্ত আছে বুলি ৰেহান উদ্দিনে অভিযোগ তুলিছিল সংবাদ মাধ্যমৰ আগত| তাৰ পাছতে ৰেহান উদ্দিনক এই ভাবুকি প্ৰদান কৰা হয়|

এই ঘটনাৰ পাছতে ডবকা থানাত এজাহাৰ দাখিল কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে| উল্লেখ যোগ্য যে বিভিন্ন দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে মাত মতা আৰু কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবে আৰু সংখ্যালঘু এলেকাত ভোটদান কম কৰোৱাৰ এই ষড়যন্ত্ৰ কৰা বুলি ৰেহান উদ্দিনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল| 

ইপিনে নগাঁও সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুচেইনে আজি সংঘটিত এই ঘটনাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰে| ইপিনে জিলাখনৰ যমুনামুখ সমষ্টিত ভোটদানৰ হাৰ 72.63%, হোজাই সমষ্টিত 76.60% আৰু লামডিং সমষ্টিত 75.35% ভোটদান হয়।