ছাদিকুজ জামান, মোৰাঝাৰঃ যি সময়ত এমুঠি অন্নৰ বাবে বানপীড়িত ৰাইজে ককবকাই আছে সেই সময়তে হোজাই জিলাৰ ডবকাৰ এটি অগ্ৰনী বেচৰকাৰী সংস্থা ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত তিনি খনকৈ ৰাজহ গাঁৱত বান সাহাৰ্য্য বিতৰন কৰা হয়৷ 

এই উপলক্ষে মঙলবাৰে দিনত ফাতিমা ৱেলফেয়াৰ ফাউণ্ডেচনৰ সচিব জুনু জলিলৰ নেতৃত্বত যোৱা ১৫ জনীয়া দলে প্ৰথমে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰ্লক গাঁওপঞ্চায়তত প্ৰৱেশ কৰে৷

বানৰ মাজত ককবকাই থকা ৰাইজৰ মাজত নাৱেৰে গৈ চাউল, চিৰা, ডাইল, মিঠাতেল, বিস্কুট, শিশু খাদ্য বিতৰন কৰে৷ পাছত দলটোৱে পৰ্য্যায়ক্ৰমে বিন্নাকান্দি, বগৰীত খাদ্য সামগ্ৰী বিতৰন কৰে৷  

আনহোতে, কালি বদৰ উদ্দিন আজমলৰ ভাতৃ তথা প্ৰাক্তন বৰপেটাৰ সাংসদ চিৰাজ উদ্দিন আজমলেও যমুনামুখ সমষ্টিৰ বিভিন্ন প্ৰান্তলৈ গৈ বান পৰিস্থিতিৰ বুজ লয়৷ তাৰ লগতে তেওঁলোকৰ ব্যক্তিগত সংস্থা মৰ্কজুল-মা-আৰিফৰ ফালৰপৰা ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত বিন্নাকান্দি, নগঞাপাম, বালিৰাম, চাৰ্লক আদি গাঁওত বানপীড়িত ৰাইজৰ মাজত বান সাহাৰ্য্য বিতৰন কৰে৷