ছাদিকুজ জামান, মোৰাঝাৰ

মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰৰ পদুমনি জাতীয় বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান হৈ যায়৷ আজি দিনৰ ১১ বজাত বিদ্যালয়ৰ অধ্যক্ষ মিচবাহ উদ্দিনে সভাপতিত্ব কৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

সভাত ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ হাচিনুচ চুলতান মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিব পৰা কিছু গুৰুত্বপূৰ্ণ কথা দাঙি ধৰি নিজৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি যাবলৈ আহব্বান জনায়৷

শিক্ষা থকাজনেই শক্তিশালী, শিক্ষা আছে মানে নিজে শক্তিশালী, সমাজ শক্তি শালী, শিক্ষাৰ কোনো বিকল্প নাই... দৰিদ্ৰতাই শিক্ষাৰ বাধা নিদিয়ে, মহান ব্যক্তিসকলৰ বেছি ভাগেই দৰিদ্ৰ আছিল৷ এনেদৰে এক দীঘলীয়া সময় উপযোগী ভাষণ আগবঢ়ায় হাচিনচ চুলতানে৷

লগতে বিশিষ্ট সাংবাদিক জমিৰ উদ্দিন তালুকদাৰে নিজৰ ভাষণত বিদ্যালয়খনৰ শিক্ষক সকলৰ কঠোৰ পৰিশ্ৰম আৰু তাৰ পিছত এই ফলাফল অহা বুলি কৈ ভূয়সী প্ৰশংসা কৰে৷ তেওঁৰ ভাষণত প্ৰতিজন ব্যক্তিয়ে একো একোজনক মানুহ হ’বলৈ তত্বগধুৰ ভাষণ দিয়ে৷

উক্ত অনুষ্ঠানত মোৰাঝাৰ জাতীয় একাডেমীৰ সঞ্চালক বিলাল উদ্দিন, গাইডেন্স জুনিয়ৰ কলেজৰ অধ্যক্ষ ছাদিকুজ জামানকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷