মোৰাঝাৰঃ মোদীৰাজ শেষ হ’ব, কংগ্ৰেছে জাতি-জনগোষ্ঠীক এক কৰে, বিজেপিয়ে ভাঙে, মই জনতাৰ কণ্ঠস্তৰ হ’ব খুজোঁ, জনতাৰ সঁহাৰি দেখি অভিভূত হৈছোঁ। এনেদৰে যমুনামুখ সমষ্টিৰ মোৰাঝাৰত এক নিৰ্বাচনী সভাত নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈ কয়|

নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত যমুনামুখ সমষ্টিত শনিবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মাৰাথন নিৰ্বাচনী প্ৰচাৰ চলায়| কংগ্ৰেছ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি ৰেহান উদ্দিন, হোজাই জিলা পৰিষদৰ সভানেএী ৰেজিয়া চুলতানা, নীলবাগান জিলা পৰিষদৰ সদস্য নেৱাজ আহমেদ, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক নাসিৰ উদ্দিন ফাৰুকী, হোজাই জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰোহিনা ওৱাৰিচ উপস্থিত থাকি ৰাইজৰ মাজত প্ৰচাৰ চলায়| 

উল্লেখযোগ্য যে যমুনামুখ সমষ্টিত নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী  প্ৰদ্যুৎ বৰদলৈয়ে ৰোড শ্ব’ত অংশগ্ৰহণ কৰে প্ৰথমে ভেলোগুৰী পুৱা ৯ বজাত। তাৰ পাছত নগাঞাপাম, যমুনামুখ, ছাৰ্লক, নিলবাগান, কপাহ বাৰী, কৰৈউনী, ৰহমত নগৰ, চৌধুৰী বজাৰ, চামৰালি, দেবস্থান বজাৰত, বৰহাওৰ তিনি আলি, মোৰাঝাৰ বজাৰ, জয়নগৰ, আমবাৰী, গণিপুৰ , ডবকা, চাংমাজী আদি ঠাইসমূহত উপস্থিত হৈ ৰাইজৰ মাজত ভোট বিচাৰে|

ঠায়ে ঠায়ে ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহি সঁহাৰি দিয়া পৰিলক্ষিত হয়|