ডিজিটেল ডেস্কঃ অডিঅ' এলবাম " অনুভূতি"ৰ সফলতাৰ পিছত মুক্তিৰ বাবে সাজু হৈছে এছ এম প্ৰডাকশ্যনৰ দ্বিতীয় নিৱেদন "সময়"।

প্ৰতিভাবান কণ্ঠশিল্পী সুৰজিৎ মহন্তই কণ্ঠদান কৰা "সময় " এলবামৰ  "বাৰিষাৰ বৰষুণে" শীৰ্ষক গীতটিৰ ভিডিঅ' ভাৰ্ছন অনলাইনযোগে মুকলি কৰা হৈছে।

"বাৰিষাৰ বৰষুণে" শীৰ্ষক গীতটিৰ কথা-সুৰ সুৰজিৎ মহন্তৰ, সংগীত ব্যৱস্থাপনা জনপ্ৰিয় শিল্পী পৰাণ (জ'জ') বৰকটকীৰ।

জ্যোতি চিত্ৰবনৰ মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ভিডিঅ' এলবামটি পৰিচালনা কৰিছে মনজিৎ শৰ্মাই। এলবামত প্ৰাণঢালি অভিনয় কৰিছে টিংকু বৰা আৰু প্ৰয়াসী পৰাশৰে। 

প্ৰতিভাৱান কণ্ঠশিল্পী সুৰজিৎ মহন্তৰ সুৰীয়া কণ্ঠই আৰু মনোৰঞ্জনধৰ্মী ভিডিঅ' এলবামটোক শ্ৰোতা-দৰ্শকে আঁকোৱালি  ল'ব বুলি আশা কৰিছে ইয়াৰ সৈতে জড়িত শিল্পী, কলা-কুশলীসকলে।