গুৱাহাটীঃ শীঘ্ৰে মুক্তি পাবলগীয়া এলবাম 'প্ৰাপ্তি’ৰ "একা বেকা আলিবাট" শীৰ্ষক গীতটিৰ মিউজিক ভিডিঅ’ সোমবাৰে মুকলি কৰা হয়। এই মিউজিক ভিডিঅ’টো গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে।

"একা বেকা আলিবাট" শীৰ্ষক গীতটিত কণ্ঠদান কৰিছে ঝিৰিমি কাকতিয়ে। ভিডিঅ’টোত ঝিৰিমিৰ লগতে অভিনয় কৰিছে ভাৰ্গৱ দাসে।

মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ভিডিঅ' এলবামটিৰ সংগীত পৰিচালনা কৰিছে পুলক নাথে। গীতৰ কথা বীণা কাকতিৰ।

প্ৰতিভাৱান কণ্ঠশিল্পী ঝিৰিমি কাকতিৰ সুৰীয়া কণ্ঠত প্ৰাণ পাই উঠা মনোৰঞ্জনধৰ্মী মিউজিক ভিডিঅ’টোক শ্ৰোতা-দৰ্শকে আঁকোৱালি ল'ব বুলি আশা কৰিছে ইয়াৰ সৈতে জড়িত শিল্পী, কলা-কুশলীসকলে।