ডিজিটেল ডেস্কঃ ৰাম সেতুক লৈ সধনাই হৈ থাকে বহু বাক্ বিতণ্ডা৷ বহু বৈজ্ঞানিকে দাবী কৰিছে ই কেৱল এক কল্পনা নহয়৷ সত্যতা জৰিত হৈ আছে এই সেতুক লৈ৷ সদ্যহতে আমেৰিকাৰ এক সংবাদ মাধ্যমেও এই বিষয়টি উত্থাপন কৰিছে কেৱল ই এক কল্পনা নহয়৷

ভু বৈজ্ঞীনিক আৰু সমুদ্ৰ বৈজ্ঞানিকেও বহুতো তথ্য উদ্ঘাটন কৰিছে, যিয়ে ইয়াৰ প্ৰাচীনতাৰ সত্যতা প্ৰমান কৰে৷   
ৰামসেতুক এডম্ছ ব্ৰিজ মানেৰেও জনা যায়৷ এই সেতু খন শ্ৰীলংকাৰ মন্নাৰ দ্বীপৰ পৰা ভাৰতৰ ৰামেশ্বৰমৰ ঘাটলৈ এক শিলৰ শিকলি আছে যি সাগৰৰ তলত আছে৷

ৰামসেতু আৰু ইয়াৰ আশে পাশে থকা শিল সমুহ পৰীক্ষাী নিৰিক্ষা কৰি বৈজ্ঞানিকে ঠাৱৰ কৰিছে যে এই শিল সমুহ প্ৰায় ৭ হাজাৰ বছৰ পুৰণি৷ 

ৰামেশ্বৰমত বৰ্তমানেও এনে কিছু শিল আছে যি পানীত ডুব নাযায়৷ 
কেৱল এয়াই নহয় নাচাই চেটেলাইটৰ জৰিয়তে সংগ্ৰহ কৰা ফটোতো ৰামসেতু হিচাপে প্ৰায় ৪৮ কিমি দীঘল এক ভু-পথ পৰিলক্ষিত হয়৷  

কোৱা হয় যে ১৫শ শতিকালৈ ৰামসেতুৰ অস্তিত্ব আছিল৷ কিন্তু সাগৰিয় ধুমুহাৰ কাৰণে পানী ইয়াৰ ওপৰত আহি গল আৰু কিছু অংশত ভাঙিও গল এই সেতু খন৷