কাৰ্বি আংলঙৰ ডিলাইত ৫ টা পিষ্টল আৰু সজীৱ গুলী সহ আটক এটা নগা অস্ত্ৰ সৰবৰাহকাৰী

newsnextoneডিফু,১০ অক্টোবৰঃ মঙলবাৰে পুৱতি নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ডিলাইৰ ৬ মাইলত অস্ত্ৰ-শস্ত্ৰ সহ আটক হয় এটা নগা অস্ত্ৰ সৰবৰাহকাৰী যুৱক৷ 
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এক নিৰ্দিষ্ট সূত্ৰৰ পমখেদি মঙলবাৰে পুৱতি নিশা সেনাৰ লগত লাহৰিজান আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু বেটেলিয়ানৰ দলে এক যুটীয়া ভ্ৰাম্যমান তালাচী চলাই ডিলাইৰ ৬ মাইলৰ পৰা এটা নগা অস্ত্ৰ সৰবৰাহকাৰীক ৫টা পইণ্ট ২২ পিষ্টল আৰু ১৪ জাই সজীৱ গুলী সহ আটক কৰিবলৈ সক্ষম হৈছে ৷ 
অস্ত্ৰ সৰবৰাহকাৰী যুৱকজন নগালেণ্ডৰ কিফৰি জিলাৰ অন্তৰ্গত পুঙৰ থানা এলেকাধীন জাৱং গাঁৱৰ লিতামং উইমৰ পুত্ৰ অট' উইম বুলি চিনাক্ত কৰা হৈছে ৷ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমূহুৰ্তত এনেদৰে অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক আটক হোৱা ঘটনাই বিশেষ  তাৎপৰ্য্য বহন কৰিছে ৷

ডিফুৰ পৰা ছাইদুল ইছলাম