নগাঁওঃ মৰিগাঁও জিলাৰ নগাবন্ধা মিনি ষ্টেডিয়ামত  ইয়ং ষ্টাৰ ক্লাৱ আৰু নগাবন্ধা গ্ৰাম্য আৰ্থ-সামাজিক উন্নয়ন সংঘৰ উদ্যোগত চলি থকা ২২ সংখ্যক সদৌ অসম প্ৰাইজমানি  ক্ৰিকেট প্ৰতিযোগিতাত ডিফেণ্ডিং চেম্পিয়ন মৈৰাবাৰীৰ ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে অগ্ৰগতি লাভ কৰিছে। এই প্ৰতিযোগিতাৰ আজিৰ খেলত মৈৰাবাৰীৰ ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱক ১৬১ ৰানত বিধ্বস্ত কৰে।

খেলখনত ভিক্ট'ৰিয়া ক্ৰিকেট ক্লাৱে পোনতে বেট ধৰি নাহাৰ আলিৰ ৫০, আব্দুল্লা শ্বেইখৰ ৪৬, ডেভিদ পাচিৰ ৩৭ আৰু ৱাচিম আহমেদ খানৰ ২০ ৰানৰ উল্লেখনীয় অৱদানৰে  ১২ অভাৰত ছটা উইকেটৰ বিনিময়ত ২০৮ ৰান সংগ্ৰহ কৰে। বলিঙত নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱৰ হৈ মফিদুল ইছলাম খানে দুটা, ৱাহিদুৰ ৰহমান, নজমুল ইছলাম, ৰেকিব উদ্দিন আৰু মুক্ৰাম হাচানে এটাকৈ উইকেট পায়।

প্ৰত্যুত্তৰত নগাবন্ধা ইলেভেন ষ্টাৰ ক্লাৱে বেট ধৰি ৰাহুল হ'কৰ ১৬ ৰানৰ উল্লেখনীয় বৰঙনি স্বতেও বিপক্ষৰ আব্দুল্লা শ্বেইখ ( ৪/৮) , নজমুল ইছলাম (৩/১১), কংকন শইকীয়া ( ২/৭)  আৰু ডেভিদ পাচি (১/৫ )ৰ বিধ্বংসী বলিঙৰ প্ৰকোপত ৯.২ অভাৰত ৪৭ ৰান সংগ্ৰহ কৰোতেই সকলোকেইটা উইকেট হেৰুৱাবলগীয়াত পৰে। আজিৰ খেলখনত আব্দুল জলিল আৰু শ্বাহ জালাল আম্পায়াৰৰূপে আছিল বুলি আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক নেকিবুৰ ৰহমান ছিদ্দিকীয়ে জনাইছে।