নগাঁওঃ ব্যতিক্ৰম কাৰ্যসূচীৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা নগাঁৱৰ আকাশ হুণ্ডায়ে কোনো ভি ভি আই পিৰদ্বাৰা নহয়, প্ৰতিষ্ঠানটোৰ এগৰাকী জ্যেষ্ঠ গ্ৰাহকৰদ্বাৰা এটি বিশেষ কাৰ্যসূচীৰ দ্বাৰ মুকলি কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, নগাঁও চহৰৰ অগ্ৰনী গাড়ী বিক্ৰী প্ৰতিষ্ঠান 'আকাশ হুণ্ডা'য়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে 'ফ্ৰী কাৰ কেয়াৰ ক্লিনিক'। কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শতাধিক শুভাকাংক্ষীৰ আৰু গ্ৰাহক ৰাইজৰ লগতে উক্ত শুভ উদ্বোধনী অনুষ্ঠানত ব্যতিক্ৰমভাৱে মুখ্য অতিথি হিচাপে আমন্ত্ৰন জনোৱা হয় প্ৰতিষ্ঠানটোৰ এগৰাকী জ্যেষ্ঠ গ্ৰাহক প্ৰণৱ শৰ্মাক।

উদ্বোধনী অনুষ্ঠানত আকাশ হুণ্ডাইৰ বিষয়া-কৰ্মচাৰীবৃন্দই সকলো গ্ৰাহক আৰু শুভাকাংক্ষীক অনুষ্ঠানটোৰ প্ৰতি দেখুওৱা আন্তৰিকতাৰ শলাগ লোৱাৰ লগতে বিভিন্ন সা-সুবিধা আগবঢ়োৱা 'ফ্ৰী কাৰ কেয়াৰ ক্লিনিক'লৈ আহি সুবিধা গ্ৰহণৰ বাবে আহ্বান জনায় ৷

২১-২৭ নৱেম্বৰলৈ নগাঁৱৰ আকাশ হুণ্ডাইত চলিবলগীয়া এই বিনামূলীয়া কাৰ কেয়াৰ ক্লিনিকত পাৰ্টছ, লেবাৰ তথা অন্যান্য ক্ষেত্ৰত গ্ৰাহকলৈ ১০-৩০ শতাংশ ডিস্কাউন্টৰ সুবিধা আগবঢ়োৱাৰ লগতে '৫০ পইন্ট চেক আপ ফ্ৰী'ৰ সুবিধা প্ৰদান কৰা হৈছে বুলি ছাৰ্ভিচ মেনেজাৰ উত্তম কুমাৰ নাথে জানিবলৈ দিছে ।