বটদ্ৰৱাঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ মাজতে সাংসদ তথা কলিয়াবৰ সংসদীয় সমষ্টি প্ৰাৰ্থী গৌৰৱ গগৈয়ে সাক্ষাৎ কৰিলে সংখ্যালঘূ সম্প্ৰদায়ৰ শীৰ্ষ ধৰ্মীয় গুৰু তথা উত্তৰ-পূৱ ভাৰতৰ আমীৰ-এ-শ্বৰীয়ত খাইৰুল ইছলাম মুফতিক৷ এ আই ইউ ডি এফ দলৰ নেতা তথা ধিং বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বয়ষীয়াল পিতৃ খাইৰুল ইছলাম মুফতিক সাক্ষাৎ কৰি সাংসদগৰাকীয়ে তেওঁৰ সৈতে কিছু অন্তৰংগ মূহুৰ্ত অতিবাহিত কৰা বুলি জানিব পৰা গৈছে৷

ধিং সমষ্টিৰ আলিটাঙনী মৌজাৰ অন্তৰ্গত পৰমাইভেটিস্থিত ধৰ্মীয় গুৰুগৰাকীৰ নিজা বাসগৃহত উপস্থিত হৈ গৌৰৱ গগৈয়ে প্ৰথমে খাইৰুল ইছলাম মুফতিক আছুটিয়াভাৱে সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতৰপৰা আশীৰ্বাদ বিছাৰে। ধৰ্মীয় গুৰুগৰাকীয়ে ধৰ্মীয় আচাৰ মতে যুৱ সাংসদ গৰাকীৰ বাবে নেদেখাজনৰপৰা আৰ্শীবাদ বিছাৰি ভৱিষ্যতত সফলতা কামনা কৰে৷ ইয়াৰ পিছত গৌৰৱ গগৈয়ে পৰিয়ালবৰ্গৰ সৈতে কথা-বতৰা হয় আৰু কলিকতাত চিকিৎসাধীন খাইৰুল ইছলাম মুফতিৰ কনিষ্ট পুত্ৰৰ স্বাস্থ্যৰ বিষয়ে বুজ লয়৷ 

নিৰ্বাচনী বতৰত ইমান ব্যস্ত সূচীৰ মাজতে পৰমাইভেটীত উপস্থিত হৈ উত্তৰ-পূৱ ভাৰতৰ আমীৰ-এ-শ্বৰীয়ত খাইৰুল ইছলাম মুফতিক সাক্ষাৎ কৰা সন্দৰ্ভত এই সংবাদদাতাই সাংসদ তথা কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈৰপৰা জানিব বিচৰাত তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ আমীৰ-এ-শ্বৰীয়ত শ্ৰদ্ধাৰ খাইৰুল ইছলাম মুফতি চাহাবৰ লগত আমাৰ সম্পৰ্ক অতি ঘৰুৱা ৷ মোৰ পিতৃ তৰুণ গগৈ ডাঙৰীয়া সাংসদ হিচাপে প্ৰথমে নিৰ্বাচিত হোৱাৰে পৰা ধৰ্মীয় গুৰুগৰাকীৰ লগত তেখেতৰ আন্তৰিক সমন্ধ আছিল আৰু সেই সমন্ধ আজিও অটুট আছে৷ সাংসদ হিচাপে মোৰ সমষ্টিৰ অন্তৰ্গত এই এলেকাত বিগত সময়চোৱাত মই বহুবাৰ আহিছো৷ ডাৰুল হাডিচ পৰমাইভেটী মাদ্ৰাছাত শ্ৰদ্ধাৰ মুফটি চাহাবৰ ইচ্ছা অনুসৰি এটি আটকধুনীয়া ছাত্ৰ নিবাস সাংসদ উন্নয়ন পূঁজিৰে নিৰ্মাণ কৰি দিয়া হৈছে৷ এই এলেকালৈ আহিলেই মই তেখেতৰ ওচৰলৈ গৈ স্বাস্থ্যৰ বুজ লওঁ আৰু তেখেতেও নিজৰ ল’ৰাৰ দৰে মোক মৰম আৰু আৰ্শীবাদ দিয়ে৷ এতিয়া তেখেতৰ অসুস্থতাৰ খবৰ পায়েই মই তেখেতক সাক্ষাৎ কৰিলো আৰু খা-খবৰ ললো ৷ পৰমপিতাৰ ওচৰত তেখেেতৰ আশু আৰোগ্য কামনাৰে মই প্ৰাৰ্থনা জনাইছো৷

উল্লেখ্য যে, লোকসভাৰ নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ সময়তে সংখ্যালঘূ সম্প্ৰদায়ৰ ধৰ্মীয় গুৰু উত্তৰ-পূৱ ভাৰতৰ আমীৰ-এ-শ্বৰীয়ত খাইৰুল ইছলাম মুফতিক গৌৰৱ গগৈয়ে সাক্ষাৎ কৰা বিষয়টোৱে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে৷ কলিয়াবৰ সমষ্টিত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থীজন বিজয়ী হোৱাৰ সুবিধা কপি দিবলৈকে এ আই ইউ ডি এফ দলে দলীয়া প্ৰাৰ্থীত্ব নিদিয়া বুলি ইতিমধ্যেই ব্যাপক চৰ্চা চলি থকা পৰিলক্ষিত হৈছে৷