নগাঁওঃ অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱাৰ কীৰ্তনঘৰত সেৱা জনালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷

হেলিকপ্টাৰ যোগে বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অৱতৰণ কৰি মন্ত্ৰীগৰাকী পোনে পোনে বটদ্ৰৱা থানলৈ যায় আৰু সেৱা জনায়৷

বটদ্ৰৱা থানত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে তেওঁক আদৰণি জনায়৷ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে মন্ত্ৰীগৰাকী সহিতে সেৱকীসকলক আৰ্শীবাদ আৰু নিৰ্মালি প্ৰদান কৰে৷

বটদ্ৰৱা থানত মন্ত্ৰীগৰাকীক সংগ দিয়ে স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই৷ বটদ্ৰৱা থানত গুৰুজনাৰ আৰ্শীবাদ গ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কোনো ধৰণৰ ৰাজনৈতিক মন্তব্য কৰাৰপৰা বিৰত থাকিল৷

বটদ্ৰৱা থানৰপৰা মন্ত্ৰীগৰাকী পোনে পোনে জাজৰি বেলতলত মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷