Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২ নং বৰজহা কমলাবাৰী শাখা সত্ৰৰ ৰাইজৰ উদ্যোগত যোৱা ২৬ এপ্ৰিলৰপৰা অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠ আৰু ব্যাখ্যাৰ দেওবাৰে সামৰণি পৰে।

তদুপলক্ষে নাম-কীৰ্তন আৰু প্ৰসাদ বিতৰণৰ পাছতে বুঢ়া ভকত তথা বিশিষ্ট বৈষ্ণৱ পণ্ডিত সোনাৰাম শৰ্মাই আঁত ধৰা সামৰণি অনুষ্ঠানত ৫২ বছৰ ধৰি সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈ গুৰু সেৱাত ব্ৰতী যোৰহাট জিলাৰ তিতাবৰৰ মহিমাবাৰী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীক প্ৰশস্তি-পত্ৰ, শৰাই, চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানটিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সধাৰণ সম্পাদক ব্ৰজেন কাকতি, প্ৰাক্তন উপাযুক্ত চন্দ্ৰমোহন কাকতি, বৰজহা কমলাবাৰী শাখা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰা, সম্পাদক পূৰ্ণ কাকতি, লুইত বৰা, প্ৰাঞ্জল কাকতি, লতু খাটনিয়াৰ, দুৰ্লভ বৰুৱা, ভোগেশ্বৰ বৰাকে প্ৰমুখ্য কৰি সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। 

নিশা বিশ্বজিৎ মজুমদাৰৰ সুদক্ষ পৰিচালনাৰে বৰজহা সমন্বয় সংগীত বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলে প্ৰদৰ্শন কৰা "ৰূক্মিণী হৰণ" ভাওনাই উপস্থিত সকলোকে মুগ্ধ কৰে৷