জাজৰিৰ বেলতল খেলপথাৰৰপৰা জয়ন্ত মুদৈ, নগাঁওঃ "জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, যি গৰাকীয়ে অসমীয়া জাতিক প্ৰাণ দিলে, সংস্কৃতি দিলে সেই গুৰুজনাৰ আদৰ্শ বিজেপিৰ প্ৰতিজন কৰ্মীয়ে মানি চলে৷ তেৰাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ ভাৰতীয় জনতা পাৰ্টী বদ্ধপৰিকৰ৷ বিজেপিয়ে এটা পৰিয়ালক সেৱা নকৰে৷ সমগ্ৰ দেশবাসীকহে সেৱা কৰে৷ কিন্তু কংগ্ৰেছ এনেকুৱা এটা দল যিয়ে অতীজৰেপৰা এটা নিৰ্দিষ্ট পৰিয়ালৰ সেৱা-শুশ্ৰূষাতহে ব্যস্ত আছে৷" এই মন্তব্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ৷

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰিৰ বেলতল খেলপথাৰত দেওবাৰে আয়োজিত এক বিশাল নিৰ্বাচনী সভাত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড° শৰ্মাই কংগ্ৰেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত দহ বছৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে মনমোহন সিঙে অসমৰ বাবে কি কৰিলে সকলোৱে জানেই৷

আনকি অসমৰে সাংসদ হৈও অসমীয়াৰ স্বাভিমান গামোচাখনকে সঠিকভাৱে সন্মান দিব নাজানিলে মনমোহন সিঙে৷ কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ য’লৈকে যায় তালৈকে ডিঙিত গামোচাখন লৈ গামোচাক এক সুকীয়া সন্মান দি আহিছে৷ 

কংগ্ৰেছে গোপীনাথ বৰদলৈ, ড° ভূপেন হাজৰিকাৰ দৰে বৰেণ্য ব্যক্তিসকলক ৫৫ বছৰ দেশ শাসন কৰিও সন্মান দিব নাজানিলে৷ কিন্তু আমাৰ চৰকাৰে ভাৰতৰত্নৰ দৰে সৰ্বোচ্চ সন্মানেৰে সন্মানিত কৰিলে দুয়োজন মহান ব্যক্তিকে৷

ভাষণ প্ৰসংগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ মন্ত্ৰীগৰাকীয়ে কয় যে তৰুণ গগৈৰ ধূতি আৰু লুঙিৰ ৰাজনীতি আমাক নালাগে৷ আমাক লাগে বিকাশৰ ৰাজনীতি। বিজেপিৰ নীতি হৈছে সমাজৰ সৰ্বাংগীণ উন্নতি। সেয়ে আমি সামাজিক, অৰ্থনৈতিক, শিক্ষা, স্বাস্থ্য, ৰাস্তা-ঘাট আদিৰ উন্নয়ণৰ লগতে মহিলাগোট গঠনেৰে মহিলাসকলক সবলীকৰণৰ জৰিয়তে এখন সুস্থ আৰু উন্নত সমাজ গঢ়িবলৈ প্ৰয়াস কৰিছোঁ৷

যাতে ৰাইজে ধূতি, সুতা, কম্বল বিচাৰি কেতিয়াও কংগ্ৰেছৰ দালালৰ কাষ চাপিবলগীয়া নহয়। অসমীয়াৰ প্ৰাণস্বৰূপ গুৰুজনাৰ জন্মভূমিৰ বটদ্ৰৱা থানৰ উন্নয়ণয়েই কৰিব নিবিচৰা তৰুণ গগৈয়ে এতিয়া পুত্ৰ স্নেহত অন্ধ হৈ অসমীয়াৰ শত্ৰু বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে।

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক তাচ্চিল্য কৰি মন্ত্ৰী হিমন্তই লগতে কয় যে অসমীয়া ৰাইজক মতা মাছ, মাইকী মাছ চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই৷ তাৰ পৰিৱৰ্তে গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাক সাংসদ হিচাপে তেওঁ চিনাকি কৰাই দিব লাগিছিল৷ কিন্তু সাংসদ হিচাপে এইক্ষেত্ৰত ব্যৰ্থ হ’ল গৌৰৱ গগৈ৷

মন্ত্ৰী ড° শৰ্মাৰ লগতে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, বিধায়িকা আঙুৰলতা ডেকা, অগপ নেত্ৰী মামনি বৰাকে ধৰি মিত্ৰজোঁটৰ কেইবাজনো নেতাই অংশগ্ৰহণ কৰা আজিৰ এই বিশাল নিৰ্বাচনী সভাখনিত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিজৰ ভাষণত অগপ-বিজেপিৰ মিত্ৰতাৰ ধৰ্ম সদায় আখৰে আখৰে পালন কৰি যাব বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক ব’হাগৰ কুলি আখ্যা দি কয় যে সাংসদ হৈ কেৱল তেওঁ সদায় আমেঠি আৰু ৰাইবেৰেলিৰ কথাহে কয়৷ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ কথা হ’লে এবাৰো উচ্চাৰণ নকৰে৷

তেওঁ আচলতে এজন অদৃশ্য সাংসদ৷ কাৰণ ব’হাগত যেনেকৈ কুলিৰ আগমন ঘটে, ঠিক তেনেকৈ গৌৰৱ গগৈৰ নিৰ্বাচনতহে ভোটাৰৰ কাষ চাপে৷ আজিৰ এই সভাতে সমষ্টিৰ বহুসংখ্যক কংগ্ৰেছ আৰু তিৱা জাতীয় ঐক্যমঞ্চৰ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷