নগাঁওঃ আজি ১৪ ফ্ৰেব্ৰুৱাৰী ভেলেনটাইন ডে’৷ কেৱল প্ৰেমিক-প্ৰেমিকাই নহয় আপোন জনকো অথবা আত্মীয় লোককো আপুনি শুভেচ্ছা জ্ঞাপন কৰিব পাৰে৷ এই দিনটোত নগাঁও জিলাৰ এদল যুৱক-যুৱতীয়ে আজি ব্যতিক্ৰমীভাৱে পালন কৰিলে ভেলেনটাইন ডে'।

ফেচবুকৰ "সপোন" নামৰ এটা পেজ আৰু নগাঁৱৰ পুৰণিগুদামস্থিত ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে আজিৰ দিনটো। প্ৰেমৰ দিৱস ৰূপে জনাজাত ভেলেনটাইন ডে'ৰপৰা আঁতৰি এইসকল যুৱক-যুৱতীয়ে নগাঁৱৰ বঢ়মপুৰস্থিত শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত পালন কৰিলে বিশেষ কাৰ্যসূচী।

পুৱাই বিদ্যালয়খনত উপস্থিত হৈ অন্ধ ছাত্ৰ-ছাত্ৰী সকলৰ লগত গীত-মাত, নৃত্য আদি পৰিৱেশন কৰাৰ লগতে এইসকল যুৱক-যুৱতীয়ে  অন্ধ ছাত্ৰ-ছাত্ৰীক খুৱালে এসাঁজ। 

এইসকল যুৱক-যুৱতীৰ কাৰণে আজিৰ দিনটোৰ মূল লক্ষ্যয়ে হৈ পৰিল অন্ধ ছাত্ৰ-ছাত্ৰী সকলক মনোৰঞ্জন দিয়াটো। উল্লেখ্য যে, "সপোন" আৰু পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ এইসকল যুৱক-যুৱতীৰ এই প্ৰয়াসৰ বাবে উৎফুল্লিত হৈ পৰিল অন্ধ ছাত্ৰ-ছাত্ৰীসকলো।