জয়ন্ত মুদৈ, নগাঁও

 

নগাঁওঃ আধুনিক প্ৰযুক্তি ব্যৱহাৰে বহু তৰপীয়া কৃষি কৰ্মৰে স্বাৱলম্বী কৰি তুলিবলৈ ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ পৃষ্টপোষকতাত আৰু ছ’চিয়েল ৰ্ৱক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ উদ্যোগত ইউনাটেড ফেমাচ ক্লাব, জুৰীয়া কৃষক সংঘ, ইউনিয়ন কৃষক সংঘ আৰু প্ৰগতি কৃষক সংঘৰ মুঠ ২০ জন কৃষকে কৃষি বিজ্ঞান কেন্দ্ৰ, ৰিবই, আই চি এ আৰ (ICAR) মেঘালয়ৰ উমিয়ামত যোৱা ১০ জুনৰপৰা ১২ জুনলৈ গ্ৰামাঞ্চলৰ কৃষি পাম সমূহত গৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। 

প্ৰশিক্ষণমূলক ভ্ৰমনকাৰী দলটোক নেতৃত্বত দিয়ে নগাঁৱৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ছ’চিয়েল ৰ্ৱক এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ সাধাৰণ সম্পাদক হবিবুৰ ৰহমান আৰু সহায়ক হিচাপে নেৰ্তৃত্ব দিয়ে ছাজিদা খাতুনে। নগাঁও জিলাৰপৰা যোৱা দলটোক কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডা: মফিদুল ইছলাম, কনিষ্ঠ বিজ্ঞানী মৌচুমী গোঁসাই দাস, এ চি এ আৰৰ বিজ্ঞানী পিতাম্বৰী দেবী আৰু সংস্থাটোৰ বিজ্ঞানীসকলে আধুনিক প্ৰযুক্তিৰ সহায়ৰে কাৰিকৰী সকলো ধৰণৰ প্ৰশিক্ষণ দিয়ে কৃষক সকলক।

প্ৰশিক্ষণ প্ৰাপ্ত সকলৰপৰা নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ খেতিয়ক সকলে আধুনিক প্ৰযুক্তি কৌশল খটুৱাই খেতি কৰিলে কৃষক সকল লাভবান হ’ব পাৰিব বুলি ৰাষ্ট্ৰীয় কৃষি ও গ্ৰামোন্নয়ন বেংকে আশা কৰিছে।