নগাঁওঃ সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ দৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা বিধানসভা সমষ্টিটো নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে৷

সমষ্টিটোত আন প্ৰাৰ্থীৰ তুলনাত শাসকীয় বিজেপি-অগপ মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে৷ ইয়াৰ অংশ হিচাবে দেওবাৰে সমষ্টিটোত বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ দলে একেদিনাই আয়োজন কৰিছে বিশাল নিৰ্বাচনী সভাৰ৷

বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ এই সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাব মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ লগতে উপস্থিত থাকিব অগপৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰীদ্বয় অতুল বৰা আৰু কেশৱ মহন্তৰ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তকে ধৰি বিজেপি আৰু অগপৰ কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতা৷

এই সভাখন পুৱা ৯.৩০ বজাৰপৰা অনুষ্ঠিত হ’ব জাজৰিৰ সমীপবৰ্তী দলংঘাটৰ বেলতল খেলপথাৰত৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ দুখনকৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’ব সমষ্টিটোৰ দলংঘাট আৰু ধিঙত৷

এই সভাত গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলাব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷ কাজেই, এনেদৰে একেদিনাই বিজেপি-অগপৰ মিত্ৰজোঁট আৰু কংগ্ৰেছে আয়োজন কৰা এই বিশাল নিৰ্বাচনী সভাক লৈ এতিয়া ৰাইজৰ মাজত বেছ চৰ্চা চলিছে৷