নগাঁওঃ নগাঁও নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আজি আলিটাঙনী আব্দুল হাই ছোৱালী হাইস্কুল খেলপথাৰত ব্লক পৰ্যায়ৰ চুড়ান্ত কাপ ছোৱালী কাবাডী প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় । মুঠ দহটা দলে অংশ গ্ৰহণ কৰা চুড়ান্ত খেলত আলিটাঙনী আব্দুল হাই ক্লাৱে ২৫ - ২২ পইণ্টৰ ব্যৱধান ওচমানীযা  ক্লাৱক  পৰাস্ত কৰি চুড়ান্ত খিতাপ অৰ্জন কৰে। 

প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মুকচিনা খানম আৰু আমিনা খাতুনে। খেলৰ অন্তত অনুষ্ঠিত সভাত বঁটাসমূহ বিতৰণ কৰে নেহেৰু যুৱ কেন্দ্ৰৰ নগাঁৱৰ অনুষ্ঠান সমন্বয়ক জিতেন্দ্ৰ সিং,বিশিষ্ট চিকিৎসক ডাঃতফাজ্জুল হুছেইন,বিশিষ্ট সমাজসেৱক জিয়াউল ইছলাম সদাগৰ,বিদ্যালয়ৰ প্ৰধান শিক্ষক জহিৰুল ইছলামৰ লগতে আমছুৰ কেন্দ্ৰীয় সম্পাদক মুছাৰফ হুছেইন কবিৰে।খেলৰ বঁটা বিতৰণ অনুষ্ঠান পৰিচালনা  কৰে নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি মাজিদুল ইছলাম আৰু আবু ছাদিক কবিৰে।খেল সমূহ পৰিচালনা কৰে নাচিৰ উদ্দিন আকন্দ আৰু এমদাদুল ইছলামে।

জয়ন্ত মুদৈ,নগাঁও