জয়ন্ত মুদৈ, নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি পথাৰত বুধবাৰে সংঘটিত  এক মাৰপিটৰ ঘটনাত তিনিজন লোক আহত হয়।

অভিযোগ অনুসৰি, কদমনি পথাৰৰ জামাল উদ্দিন নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে একে গাঁৱৰে জইন উদ্দিন নামৰ লোকজনৰপৰা ধান কিনিবলৈ গৈছিল। তাতেই একে গাঁৱৰে হাবিজ উদ্দিন, জলিল উদ্দিন, আব্দুল চাত্তাৰ, আব্দুল মতিন, মাজাহাৰুল, বধো, আইনুলৰ লগত কথাৰ কটা কটি হয়।

পাছত হাবিজ উদ্দিন নেতৃত্বত অহা দলটোৱে জইন উদ্দিনৰ লগতে থকা জামাল উদ্দিন, মিনাৰুল হক, চহুৰ উদ্দিন, হাবিজ উদ্দিন আক্ৰমণ কৰে। ইয়াতে ক্ষান্ত নাথাকি হাবিজ উদ্দিনৰ দলটোৱে জামাল উদ্দিনৰপৰা নগদ ৮৫ হাজাৰ টকা, এটা দামী ম’বাইল ফোনৰ হেণ্ডছেটসহ মিনাৰুল হকৰপৰা এডাল ৰূপৰ চেইন, ম’বাইল ফোনৰ হেণ্ডছেট, হাবিজ উদ্দিনৰপৰা এটা দামী ম’বাইল ফোনৰ হেণ্ডছেট আৰু ট্ৰেক্টৰৰ চাবি লৈ উধাও হয়।

পাছত স্থানীয় লোকে আহতসকলক উদ্ধাৰ কৰি চিকিৎসা বাবে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে। ঘটনা সংক্ৰান্তত বটদ্ৰৱা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷