নগাঁওঃ নগাঁৱৰ হাতীচোং কমাৰচুকত পুঁৱতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষতো ১,২ আৰু ২০ ব'হাগত ৩৪ তম্ কমাৰচুক ৰঙালী বিহুৰ অনুষ্ঠান আয়োজন কৰা হৈছিল। ২০ ব'হাগত পুৱা বিধ্বংসী ফনিৰ বাবে সৃষ্ট হোৱা প্ৰতিকূল বতৰকো নেওচি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য, বেশ-ভূষাৰ সমাহাৰেৰে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই অঞ্চলটো প্ৰদক্ষিণ কৰে৷ 

এই শোভাযাত্ৰাই সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে। শোভাযাত্ৰা অন্ত পৰাৰ লগে-লগেই প্ৰলয়ংকাৰী ফনিৰ বিধ্বংসী ৰূপৰ বাবে সমিতিয়ে সকলো অনুষ্ঠান বাতিল কৰিবলৈ বাধ্য হয় ‍‍আৰু ৯ মে'ত অনুষ্ঠান সমূহ পুনৰ অনুস্থিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ 

৯ মে'ৰ সন্ধিয়াৰ বিশেষ সম্বৰ্ধনা অনুস্থানত উপস্থিত থাকে অসমৰ বিশিষ্ট অভিনেতা তথা অসম ৰাজ্যিক বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰা৷ "মই আজি যতীন বৰা আপোনালোকৰ বাবে৷ আপোনালোকৰ অবিহনে মই শূণ্য৷ আপোনালোকে মৰম কৰিছে, চেনেহ দিছে বাবেই মই যতীন বৰা হ'ব পাৰিছো৷"
সম্বৰ্ধনা গ্ৰহণ কৰি ৰাইজৰ পাৰভঙা উছাহ দেখি আৱেগিক হৈ পৰা অভিনেতা গৰাকীয়ে এইদৰে কয়৷

লগতে তেওঁৰ নৱতম ছবি 'ৰত্নাকৰ'ৰ বিষয়ে চমুকৈ কৈ ৰাইজক ছবিখন চাবলৈ আহ্বান জনায়৷ অসমীয়া ছৱিৰ দুৰ্দিনৰ সময়ত ৰাইজেই এই উদ্যোগটোক বচোৱাৰ গুৰু দায়িত্ব ল'ব লাগিব বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে৷ অনুস্থানটিত উপস্থিত থাকে সত্ৰীয়া আৰু লোক-সংস্কৃতিৰ বিশিষ্ট সাধক আৰু গৱেষক তথা বৈষ্ণৱী হিতৈষী বিষ্ণুৰাম মেধি৷ অনুস্থানটিত চকলাঘাটৰ সাতভনী জেং বিহু দলে পৰম্পৰাগত জেং বিহু, আমচৈৰ এনাজৰী সাংস্কৃতিক গোষ্ঠীয়ে অসমৰ বাৰে-ৰহনীয়া সংস্কৃতিক একত্ৰিত কৰি প্ৰদৰ্শন কৰা অনবদ্য সাংস্কৃতিক কাৰ্যসূচীয়ে উপস্থিত সহস্ৰাধিক ৰাইজক আপ্লুত কৰি তোলে৷

নিশাৰ ভাগত অনুষ্ঠিত অনুস্থানত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী সুখবিন্দৰ সিং আৰু কুকিল কণ্ঠী গায়িকা নিভা বৰাই।
অনুস্থানটি সফল আৰু সুচাৰুৰূপে ৰূপায়ন কৰাৰ ক্ষেত্ৰত ৰাইজে আগবঢ়োৱা সহযোগিতাৰ বাবে ৩৪ তম্ কমাৰচুক ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক চন্দ্ৰজিৎ দাসে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷