newsnextone.com | নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ঐতিহ্যমণ্ডিত নগাঁও জিলাৰ সাংবাদিকসকল। বিধেয়ক খন প্ৰত্যাহাৰৰ দাবীত বৃহস্পতিবাৰে নগাঁও জিলাৰ কেইবাটাও সাংবাদিক সংগঠনৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত সাংবাদিকসকলে নগাঁও জিলা উপায়ুক্তক কাযালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আপকু নগাঁও জিলা সমিতি, নগাঁও ইলেকট্ৰনিক মিডিয়া এছচিয়েশ্বন, নগাঁও জিলা বাৰ্তাজীৱি সংঘ, সদৌ নগাঁও জিলা সাংবাদিক সন্থা আৰু জুৱাৰ উদ্যোগত সাংবাদিকসকল বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷

অসমীয়া জাতিক ধ্বংস কৰিব বিচৰা বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায় সাংবাদিক সকলে কয় যে বিধেয়কখন আইনত পৰিণত হলে অসমীয়া জাতি সংখ্যালঘুত পৰিণত হোৱাৰ লগতে অসমীয়া ভাষা-সংস্কৃতি বিপন্ন হব। বিধেয়কখন কোনো কাৰণতে মানি লোৱা নহব বুলি সাংবাদিক সকলে স্পষ্ট কৰে।বিধেয়কখনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সবল স্থিতি গ্ৰহণ কৰিবলৈও আহ্বান জনায়।

কাৰ্যসূচীত নগাঁও জিলা আছু, সংখ্যালঘু সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতি, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আদিবাসী জাতীয় মহাসভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ভাৰতীয় গণ নাট্য সংঘ, জাতীয় সচেতন মঞ্চ, প্ৰগতিশীল নাৰী সন্থা, অসম সুত সন্মিলন, অৰুণোদয় সাহিত্য চৰা, কৃষক শ্ৰমিক উন্নয়ন পৰিষদ, তিৱা ছাত্ৰ সন্থা, অসম যুৱ পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদ, সংখ্যলঘূ গণতান্ত্ৰিক ফেডাৰেচন, গ্ৰাম বিকাশ পৰিষদ, সদৌ অসম গ্ৰাম্য পুথিভড়াল সন্থা, শিশু সাহিত্য সমাজ আদি দল সংগঠনৰ প্ৰতিনিধিৰ লগতে বেবেজীয়া, পুৰণিগুদাম, কামপুৰ, চামগুৰি, জাজৰি, জুৰীয়া, বটদ্ৰবা, বঢ়মপুৰ, ধিং, প্ৰেছ ক্লাব, ৰূপহীহাট মিডিয়া চেল, কলিয়াবৰ সাংবাদিক সমাজকে ধৰি জিলাখনৰ বিভিন্ন স্থানৰ সাংবাদিক সংগঠন সমূহে অংশগ্ৰহন কৰে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শিল্পী, সাহিত্যিক, শিক্ষাবিদ, ক্ৰীয়াবিদ, সমাজকৰ্মী আদিয়েও অংশগ্ৰহণ কৰে।অৱস্থান ধৰ্মঘটস্থলীত এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।কাৰ্যসূচীৰ অন্তত বিধেয়কখন শীঘ্ৰে প্ৰত্যাহাৰৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপ্ৰত্ৰ প্ৰদান কৰে।