জয়ন্ত মুদৈ, নগাঁও

নগাঁওঃ নগাঁও জিলাৰ ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মেলেৰিয়া বিভাগৰ দ্বাৰা ধিং ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো গাঁও আৰু শিক্ষানুষ্ঠানত সমগ্ৰ জুন মাহ জুৰি মেলেৰিয়াৰ লগতে সকলো বাহকজনিত ৰোগৰ ওপৰত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যে পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰি থকা হৈছে। 

ইয়াৰ অংশ হিচাপে শুকুৰবাৰে বটদ্ৰৱা সতী ৰাধিকা ছোৱালী হাইস্কুলত এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাখনত বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী প্ৰসন্ন শইকীয়া, কেশৱ ডেকা, তৃষ্ণা বৰা আৰু বটদ্ৰৱা সতী ৰাধিকা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষয়ত্ৰী চাৰু কলিতাই অংশ গ্ৰহণ কৰি ছাত্ৰী সকলক মেলেৰিয়াৰ লগতে সকলো বাহকজনিত ৰোগ যেনে জাপানীজ এনকেফেলাইটিছ, ডেংগু আদিৰ লক্ষণ, উপসৰ্গ, প্ৰতিকাৰৰ বিষয়ে বক্তব্য দাঙি ধৰে। 

সভাৰ শেষত উপস্থিত দুই শতাধিক ছাত্ৰীৰ মাজত বাহকজনিত ৰোগৰ সজাগতা পত্ৰ বিতৰণ কৰা হয়৷