জয়ন্ত মুদৈ, নগাঁওঃ চাওঁতে চাওঁতে সংগোপনে মন-প্ৰাণ সজীৱ কৰি তুলিবলৈ আকৌ আহিল ৰঙালী বিহু৷ প্ৰতিজন অসমীয়াৰ অতি চেনেহৰ বাপতিসাহোন এই বিহু সম্প্ৰতি পদাৰ্পণ কৰিছে পদূলিমুখত৷ 

সেয়ে ব’হাগী ব’হাগী গোন্ধেৰে আমোলমোলাই পৰিছে অসমীয়াৰ পদূলি৷ এই দেহ-মন উজ্বলি উঠা ব’হাগ বিহুৰ এক অবিচ্ছেদ্য অংগ হৈছে কপৌফুল৷ ঢুলীয়াৰ ঢোল-পেঁপাৰ শব্দত নাচি উঠা নাচনীৰ খোপা ব’হাগৰ বতৰত শুৱনি কৰে মনোমোহা কপৌফুল পাহে৷ 

কপৌফুল আকৌ পৱিত্ৰতাৰো প্ৰতীক৷ উল্লেখ্য, বসন্তৰ আগমনৰ লগে লগে ফাগুণে নাঙঠ কৰা গছ-গছনিয়ে ন-কুঁহিপাত মেলি, ন-সাজ পৰিধাণ কৰি জাতিস্কাৰ হোৱাৰ পাছত সাধাৰণতে চ’ত মাহৰ মধ্যভাগৰপৰাই গছৰ খোৰোঙত ফুলি উঠা দেখা যায় কপৌফুল৷

কিন্তু বিহুৰ লগত নিবিড় সম্পৰ্ক থকা এই কপৌফুল সম্প্ৰতি পাবলৈ নোহোৱা হৈ আহিছে৷ পূৰ্বতে অসমৰ হাবি-বননি সকলোতে অতি সহজতে দেখিবলৈ পোৱা কপৌফুল বৰ্তমান সময়ত ক্ৰমাৎ আমাৰ মাজৰপৰা হেৰাই যাবলৈ ধৰিছে৷ 

যাৰ ফলত চাহিদা অনুপাতে ই পৰ্যাপ্তৰূপত উপলব্ধ নোহোৱাত লাহে লাহে ইয়াৰ বিকল্প হিচাপে প্লাষ্টিকৰ কপৌফুলে ৰাজ্যৰ বজাৰ দখল কৰা পৰিলক্ষিত হৈছে৷ সেয়ে এতিয়া বহু বিহুৱাই প্ৰকৃতিৰ কপৌফুল বিচাৰি নাপাই বজাৰত সহজতে পোৱা কৃত্ৰিম প্লাষ্টিকৰ কপৌফুলকে নাচনিৰ খোপাত অনিচ্ছা সত্ত্বেও গুজি দিবলৈ বাধ্য হৈছে৷

তদ্ৰুপ এইবেলিও ব’হাগ বিহুৰ দিন চমু চাপি অহাৰ লগে লগেই বজাৰ ভৰি পৰিছে কৃত্ৰিমভাৱে আটকধুনীয়াকৈ তৈয়াৰ কৰা কপৌফুলে৷ কাজেই, অসমীয়া লোক-সংস্কৃতিৰ সৈতে সম্পৰ্ক থকাৰ লগতে ঔষধি গুণো সন্নিবিষ্ট হৈ থকা প্ৰকৃতিৰ অনুপম সৃষ্টি কপৌফুল কালক্ৰমৎ নোহোৱা হ’বলৈ ধৰাত অনাগত দিনত ই কালৰ সোঁতত হেৰাই যোৱাৰ সম্ভাৱনা পুৰামাত্ৰাই বৃদ্ধি পাইছে৷ 

গতিকে দুষ্প্ৰাপ্য হৈ অহা এই কপৌফুলৰ প্ৰজাতিৰ সংৰক্ষণৰ বাবে চৰকাৰ তথা প্ৰকৃতি সংগঠনসমূহে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো আজিৰ তাৰিখত নিত্যান্তই দৰকাৰী হৈ পৰিছে৷