জয়ন্ত মুদৈ, নগাঁওঃ অষ্টম অসম বেটেলিয়ান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এনচিচিৰ দহদিনীয়া সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰৰ মঙলবাৰে নিশা সফল সামৰণি পৰে।

নগাঁও জিলাৰ ধিং জৱাহৰ নৱোদয় বিদ্যালয়ত যোৱা ১৩ মে'ৰপৰা অনুষ্ঠিত হোৱা প্ৰশিক্ষণ শিবিৰটোত অসম আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ সৰ্বমুঠ ৫৯৪ গৰাকী কেডেটে অংশগ্ৰহণ কৰে৷

প্ৰশিক্ষণ শিবিৰটোৰ মুখ্য পৰিচালক কৰ্নেল বিনয় মালহোত্ৰাৰ উদ্ধোধনী ভাষণেৰে আৰম্ভ হোৱা শিবিৰটোত তেজপুৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ কে শ্ৰীনিবাস ৰাৱে পৰিদৰ্শন কৰি কেডেটসকলৰ লগত এক ভাব বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, "একতা আৰু অনুশাসনৰ মন্ত্ৰৰে আমি আগবাঢ়ি যাব লাগিব।" 

তেওঁ নিজে ছাত্ৰ অৱস্থাৰ এক উদাহৰণ দাঙি ধৰি কয় যে এনচিচিৰ প্ৰশিক্ষণ গ্ৰহণ কৰি তেওঁ দেশমাতৃৰ সেৱাৰ বাবে অনুপ্ৰাণিত হৈ সেনা বাহিনীত যোগদান কৰিছিল।

উল্লেখ্য, অসম বেটেলিয়ান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ এই দহদিনীয়া শিবিৰটোত কেডেটসকলক যোগাসন, ড্ৰিল, মেপ অধ্যয়ন আদি বিষয়ত প্ৰশিক্ষণ দিয়াৰ লগতে দুৰ্যোগ প্ৰশমন, ট্ৰেফিক নিয়ম-নীতি, আকস্মিক দুৰ্ঘটনাত কৰিবলগীয়া প্ৰাথমিক চিকিৎসা আদি বিভিন্ন বিষয়ৰ নিৰ্বাচিত সমল ব্যক্তিৰ জৰিয়তে পাঠদানৰ ব্যৱস্থা কৰা হয়। 

এই ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনী ধিং, ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগাঁও আৰক্ষী ট্ৰেফিক নিয়ন্ত্ৰণ বিভাগ আদিয়ে বিশেষ সহযোগিতা প্ৰদান কৰে। 

ইয়াৰোপৰি কেডেটসকলক অস্ত্ৰ সঞ্চালন শিক্ষা কাৰ্যসূচী সম্পন্ন কৰে নগাঁও জিলাৰ মিছাত থকা সেনাবাহিনীৰ ফায়াৰিং ৰেঞ্জত। শিবিৰটোৰ লগত সংগতি ৰাখি যোৱা ২০ মে'ত এক বিনামূলীয়া ৰক্তদান শিবিৰো অনুষ্ঠিত কৰা হয়।

নগাঁও জিলাৰ অসামৰিক চিকিৎসালয়ত থকা ব্লাড বেংকৰ তত্বাৱধানত আৰু ধিং প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সহযোগত তথা অষ্টম অসম বেটেলিয়ান ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী ব্যবস্থাপনাত আয়োজন কৰা উক্ত ৰক্ত দান শিবিৰটোত মুঠ ৫০ গৰাকী কেডেটে ৰক্ত দান কৰে।

এনচিচিৰ দহ দিনীয়া সংযুক্ত বাৰ্ষিক প্ৰশিক্ষণ শিবিৰটোৰ প্ৰতি সন্ধ্যা অনুষ্ঠিত হয় গীত, নৃত্য, অভিনয় আদি বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাসমূহত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে শিবিৰৰ সামৰণি অনুষ্ঠানত সাংস্কৃতিক বিচিত্ৰানুষ্ঠানত প্ৰদৰ্শন কৰা হয়।

যোৱা নিশা ৯.৩০ বজালৈকে অনুষ্ঠিত সামৰণি অনুষ্ঠানত শিবিৰটোৰ কেডেটসকলে বিভিন্ন সাংস্কৃতিক প্ৰতিভা প্ৰদৰ্শন কৰে। সামৰণি অনুষ্ঠানটিৰ মুখ্য অতিথি তথা ধিং জৱাহৰ নবোদয় বিদ্যালয়ৰ উপাধ্যক্ষ মেথিউৰদ্বাৰা বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়।

ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীৰ সংগীতেৰে সামৰণি মৰা অনুষ্ঠানটিত ধিং জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ পিজে মেথিউ, দ্বিতীয় এপিএনচিচিৰ কামাণ্ডিং অফিচৰ কৰ্নেল শ্বেখাৱত, তেজপুৰৰ এএনঅ’ বৰ্ণালী শইকীয়া, ধিং মহাবিদ্যালয় সহযোগী অধ্যাপক তথা এনচিচি বিষয়া কেপ্টেইন ড° মৃগাংক শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।