চামগুৰিঃ আৰম্ভ হ'ল হেপাঁহৰ ৰঙালী বিহু। সোমবাৰে আছিল মানুহ বিহু। মানুহ বিহুৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ পুৰণিগুদামৰ হালোৱাগাঁৱত পুৱাই অঞ্চলটোৰ বিশিষ্ট শিল্পী ৰাজু শইকীয়াৰ নেতৃত্বত উদ্ধোধন হয় বাটৰ বিহু।

ইয়াৰ পাছতেই পুৰণিগুদামৰ চলচলী জলাহত অনুষ্ঠিত হয় বাটৰ বিহু। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই চলচলী জলাহতো পুৱাৰ ভাগতে উলাই আহিল ৰাইজ। হিন্দু-মুছলমান উভয়ে উপভোগ কৰিলে বাটৰ বিহু।

পুৱাৰে পৰা হালোৱাগাঁও আৰু চলচলী জলাহৰ লগতে নগাঁৱৰ বিভিন্ন স্থানত মানুহ বিহুৰ দিনাই শিল্পী ৰাজু শইকীয়াই অনুষ্ঠিত কৰিলে এই বাটৰ বিহু। উক্ত অনুষ্ঠানসমূহত অঞ্চলৰ বহুকেইজন বিশিষ্ট আৰু বয়োবৃদ্ধ ব্যক্তিৰ লগতে বিশিষ্ট প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা, সাংবাদিক কুলপ্ৰদীপ দাস, তপন কুমাৰ বৰা, বীৰেন বৰা, ভাৰ্গৱ হাজৰিকা, শ্যামেন্দ্ৰ বৈৰাগী, ৰিতু নেওগ, কৃষ্ণ শইকীয়া, ষড়ানন বৰা, নয়ন মনি বৰাকে আদি কৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷