নগাঁওঃ কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ এখনি নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছিল বটদ্ৰৱা বিধানসভা সমষ্টিৰ দলংঘাটৰ বেলতল খেলপথাৰত৷

পুৱা ৯.৩০ বজাৰপৰা আৰম্ভ হ’বলগীয়া সভাখনিলৈ দূৰ-দূৰনিৰপৰা সৰু-বৰ বাহনেৰে মানুহ আনিছিল আয়োজকসকলে৷ পুৱা প্ৰায় ৯ বজাৰপৰাই সভাস্থলীত সমাগম হৈছিল ৰাইজৰ৷ 

মুকলি আকাশৰ তলত ৰ’দৰ তাপত ৰাইজ বহি বহি অতিষ্ঠ হৈছিল৷ কাৰণ নিৰ্দিষ্ট সময়তকৈ ডেৰ ঘন্টা পাৰ হোৱাৰ পাছতো সভা আৰম্ভ হোৱা নাই৷ প্ৰখৰ ৰ’দৰ উত্তাপ আৰু এটুপি খোৱা পানীৰ অভাৱত ৰাইজৰ মাজত দেখা গ’ল বিৰক্তিৰ ভাব৷ তথাপিও সভাত উপস্থিত হোৱাহি নাই সভাৰ মূল আকৰ্ষণ প্ৰভাৱশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷

এনে এক অনাহুত পৰিস্থিতিত পৰি সভাৰ উদ্যোক্তাসকলে ৰাইজক সন্তুষ্ট কৰাৰ বাবে ল’লে এক কৌশলী পদক্ষেপ৷ ৰাইজক মনোৰঞ্জনেৰে আভুৱা-ভাঁৰিবলৈ কৰিলে গীত পৰিৱেশনৰ ব্যৱস্থা৷ সেই অনুসৰি বিজেপিৰ নেত্ৰী তথা কণ্ঠশিল্পী ববিতা শৰ্মাক উঠালে মঞ্চত৷ পৰিৱেশন কৰিলে ইটোৰ পাছত সিটো গীত৷ যাৰ ফলত গৰমত অতিষ্ঠ ৰাইজে ক্ষনিকৰ বাবে পালে কিছু পৰিমানে সকাহ৷

এইদৰে নিৰ্বাচনী সভাৰ নামত চলিল প্ৰায় এক ঘন্টীয়া গীতৰ অনুষ্ঠান৷ কাজেই, নিৰ্বাচনী সভালৈ মানুহক আনি এইদৰে ৰ’দৰ তাপত মুকলি আকাশৰ তলত ঘন্টাৰ পাছত ঘন্টা বহোৱাই ৰখোৱা এই বিষয়টোয়ে বেচ চৰ্চা লাভ কৰা দেখা যায় সচেতন ৰাইজৰ মাজত৷