♦ মাটি-পানীৰ লগত সম্পৰ্ক থকা লোক ৰূপক শৰ্মা

নগাঁওঃ "মানুহৰ লগত সম্পৰ্ক থকা মানুহ ৰূপক শৰ্মা৷ সেই সম্পৰ্কৰ বাবেই নগঞা ৰাইজে বছৰ বছৰ ধৰি জীয়াতু ভূগি অহাৰ পাছত যোৱা তিনিটা বছৰত বাট-পথৰ বিশেষ উন্নতি দেখিবলৈ পাইছে৷

বাট-পথ মানেই মাটি-পানীৰ লগত মানুহৰ সম্পৰ্কও নীবিড়৷ তেনে দিশৰপৰাও ক’ব পাৰি ১০ নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি-অগপ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী ৰূপক শৰ্মা মাটি-পানীৰ লগত সম্পৰ্ক ৰজিত এগৰাকী আদৰ্শবান লোক৷ সেয়ে এনে এজন লোকক আগন্তুক লোকসভা নিৰ্বাচনত সগৌৰৱেৰে ৰাইজক বিজয় তিলক পিন্ধাই নিজৰ প্ৰাপ্য আদায় কৰিবৰ বাবে নগাঁও জিলাৰ বেবেজীয়াত মঙলবাৰে ৰাইজলৈ মুকলি আহ্বান জনায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত দাসে৷

অগপ-বিজেপি মিত্ৰজোঁটৰ বেবেজীয়া আঞ্চলিকৰ নিৰ্বাচনী সমিতিৰ সভাপতি বীৰসিং নাথৰ সভাপতিত্বত এই মৰ্মে বেবেজীয়া চাৰিআলিত অনুষ্ঠিত নিৰ্বাচনী কাৰ্যালয়ৰ উন্মোচনী অনুষ্ঠানত বিগত বছৰত নগাঁও বিধান সভা সমষ্টিটোত পূৰ্বৰ কংগ্ৰেছৰ তুলনাত বৰ্তমান আশাতীতভাৱে উন্নয়নৰ বাস্তৱ ছবিখনে দুচকুত আশাৰ কিৰণ কঢ়িয়াই অনা বুলি অভিমত ব্যক্ত কৰি বেবেজীয়া মণ্ডল কংগ্ৰেছৰ উপ-সভাপতি ভূৱন বৰাৰ নেতৃত্বত একুৰি লোকে স্বেচ্ছাই কংগ্ৰেছ বিসৰ্জন দি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷

আনহাতে বেবেজীয়া কংগ্ৰেছত মোক্ষম আঘাত হানি আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সমষ্টিটোত স্থানীয় যোগ্য প্ৰাৰ্থী থকা সত্বেও চালানী প্ৰাৰ্থীকহে নিৰ্বাচনী টিকট প্ৰদানৰ ক্ষেত্ৰত স্বজন-তোষণ দেখুওৱা বুলি অভিযোগ উত্থাপনেৰে একেটা অনুষ্ঠানতে বেবেজীয়া মহিলা সেৱা দলৰ সোন্টি বৰা, লক্ষীমাই দাস, অনিমা কলিতা, টুটুমনি দাস, ববি বৰা, টুনু বৰা, পুতুলী দাস, পূণি বৰা, দিপ্তী দাস আৰু মুনু বৰাকে প্ৰমুখ্য কৰি ২৫ গৰাকী মহিলা কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ উপৰি পুৰুষ সেৱা দলৰ ধনমনি বৰাৰ নেতৃত্বত প্ৰায় কুৰিজন লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ 

স্বাভাৱিকতেই লোকসভা সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় শোভাৰম্ভনিৰ দিনটোত বেবেজীয়াত কংগ্ৰেছলৈ অশনি সংকেট কঢিয়াই বিজেপিমুখী হোৱা উল্লিখিত কংগ্ৰেছ লোকসকলৰ প্ৰতি এই প্ৰতিবেদকৰ এক টেলিফোনিক বাৰ্তাত ৰূপক শৰ্মাই তেওঁলোকৰ প্ৰতি আন্তৰিক স্বাগতম জনাই অনাগত দিনত বিজেপিক আৰু অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছে৷ 

উল্লেখ্য যে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক শৰ্মা আগন্তুক লোকসভা নিৰ্বাচনৰ ব্যস্ততাৰ বাবে বেবেজীয়াত উপস্থিত থাকিব নোৱাৰিলেও তেওঁৰ হৈ আজি ৰাজ্যিক মুখপাত্ৰ দাসৰ উপৰি তিৱা স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈ, নগাঁও যুৱ মৰ্চাৰ সভাপতি প্ৰণৱ বৰা, বেবেজীয়া-ডিমৌ-বাংথাই গাওঁ পঞ্চায়তৰ সভাপতি দিগন্ত কুমাৰ নাথে শৰ্মাৰ হৈ প্ৰচাৰ কাৰ্যৰে আজি শুভাৰম্ভ কৰা মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয়ৰ এই অনুষ্ঠানত প্ৰতিকূল বতৰকো নেওচি দুই শতাধিকৰো অধিক লোকৰ উপস্থিতিয়ে বিশেষ তাৎপৰ্য বহন কৰে৷