জয়ন্ত মুদৈ, নগাঁওঃ বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও লোকসভা সমষ্টিতো অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া|

অসমৰ ৰাজনীতিত সন্মানীয় নগাঁও লোকসভা সমষ্টিয়ে সময়ে সময়ে এক ঐতিহাসিক ভূমিকা গ্ৰহণ কৰি আহিছে| মধ্য অসমৰ ৰাজনীতি বহুখিনি নগঁঞা ৰাজনীতিকৰ নিয়ন্ত্রণত থাকে বুলিয়েই সাধাৰণ ভোটাৰৰ মাজত চৰ্চিত হৈ আহিছে| সেয়ে এইবাৰো এই সংসদীয় সমষ্টিটোত হ’ব এক আৰ্কষণীয় নিৰ্বাচনী যুঁজ| মূলত: যুঁজখন  বিজেপিৰ বৰ্তমানৰ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ মাজতে হ’ব বুলি ৰাজনীতিৰ ভূ-ৰখা মহলে মন্তব্য কৰিছে|

স্মৰ্তব্য যে, নগাঁও সংসদীয় সমষ্টিটোত সুৰ্দীঘ ২০ বছৰ একেৰাহে প্ৰতিনিধিত্ব কৰি আহিছিল ৰাজেন গোঁহাইয়ে| ১৯৯৫ চনৰপৰা ৰাজেন গোঁহাইয়ে বিজেপিৰ সাংগঠনিক ভেটি নগাঁও সংসদীয় সমষ্টিত টনকিয়াল কৰি ১৯৯৯ চনত পোন-প্ৰথমবাৰৰ বাবে ১০ নং নগাঁও সমষ্টিৰপৰা সংসদ ৰূপে প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হ’বলৈ সক্ষম হৈছিল|

বিজেপিৰ দুৰ্দিনৰ সময়ত ৰাজেন গোঁহাইয়ে নগাঁও সংসদীয় সমষ্টিৰপৰা চাৰিবাৰকৈ কাৰ্যকাল সংসদ ৰূপে নিৰ্বাচন হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছিল| কিন্ত ৰাজেন গোহাঁইৰ কিছু ব্যক্তিগত কাৰণৰ বাবে দলে এইবাৰ গোঁহাইক টিকটৰপৰা বঞ্চিত কৰি এক নতুন মুখৰ প্ৰাৰ্থী সন্ধান কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা সাংস্কৃতিক কৰ্মী, উদ্যমী যুৱক ৰূপক শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰে|

ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে এই সংসদীয় সমষ্টিটোত এজনো উপযুক্ত প্ৰাৰ্থী সন্ধান কৰিব নোবাৰি নগাঁৱৰপৰা ৬ খন জিলা পাৰ হৈ সুদূৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা তৰুণ গগৈ চৰকাৰত বন, উদ্যোগ আৰু শক্তি দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব পালন কৰা প্ৰাক্তন মন্ত্রী প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে|

ইফালে, এইবাৰ সমষ্টিটোত এআইইউডিএফে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰিলে| ফলস্বৰূপে সমষ্টিটোত বিজেপি-কংগ্ৰেছৰ মাজতে মূল যুঁজখন হোৱাটো এক প্ৰকাৰে খাটাং|

উল্লেখ্য, বিজেপিৰ বাবে সমষ্টিটো পুনৰ নিজৰ দখলত ৰখাটো যেনেকৈ গুৰুত্বপূৰ্ণ, ঠিক তেনেকৈয়ে কংগ্ৰেছৰ বাবেও সমানে গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে| এনে অৱস্থাত সন্মানীয় সমষ্টিটো উদ্ধাৰত দুয়োটা দলেই কোনো ক্ৰুটি কৰা নাই|

দুয়োটা দলেই অপ্ৰাণ চেষ্টা চলাইছে সমষ্টিটো নিজৰ দখললৈ নিয়াৰ বাবে| নগাঁও, মৰিগাঁও আৰু  হোজাই জিলাৰ সৰ্ব্বমুঠ ৯ টা বিধান সভা সমষ্টিৰে গঠিত ১০ নং নগাঁও সংসদীয় সমষ্টিত বৰ্তমান ভোটাৰ আছে মুঠ ১৭,৮১,১৮২ গৰাকী| ইয়াৰে ৯,১৩,৯৬১ জন পুৰুষ ভোটাৰৰ আৰু ৮,৬৭,১৮০ গৰাকী মহিলা ভোটাৰ| 

ইয়াৰে ৩৭৫৬ গৰাকী ছাৰ্ভিচ ভোটাৰ আৰু ১২৫৪ গৰাকী দিব্যাগং ভোটাৰ থকাৰ বিপৰীতে 'ডি' ভোটাৰ আছে ৯৯৩৭ গৰাকী| ইয়াৰ মাজতে এইবাৰ কেইবাহাজাৰো নতুন ভোটাৰে পোন প্ৰথমবাৰৰ বাবে ভোটদান সাব্যস্ত কৰিব| 

প্ৰকাশ যে, নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত ৯ টা বিধানসভা সমষ্টিৰ ৬ টাতে বৰ্তমান বিজেপিৰ বিধায়কৰ দখলত আছে| বাকী তিনিটা সমষ্টিৰ বঢ়মপুৰ অগপ, যমুনামুখ এআইইউডিএফ আৰু লাহৰিঘাট কংগ্ৰেছ বিধায়কৰ দখলত আছে| 

ইফালে, নগাঁও সংসদীয় সমষ্টিটোক আজিলৈকে প্ৰতিনিধিত্ব কৰা সাংসদসকল হৈছে ক্ৰমে ১৯৫১ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰপৰা দেৱকান্ত বৰুৱা, ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনলৈ প্ৰয়াত লীলাধৰ কটকী, ১৯৭৭ চনত পুনৰ নিৰ্বাচিত হয় দেৱকান্ত বৰুৱা, ১৯৮৪, ১৯৯১, ১৯৯৬ চনত অসম গণ পৰিষদ দলৰ প্ৰয়াত মুহিৰাম শইকীয়া জয়ী হৈছিল যদিও ১৯৯৮ চনত পুনৰ কংগ্ৰেছৰ নৃপেন গোস্বামী জয়ী হৈছিল৷

তাৰ পৰৱৰ্তী সময়ত একেৰাহে ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত বিজেপিৰপৰা ৰাজেন গোহাঁইয়ে ২০ বছৰ সাংসদ হিছাপে জয়ী হৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্রীও হৈছিল| পূৰ্বৰ বছৰৰবোৰৰ তুলনাত কিন্ত ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত ৰাজেন গোহাঁইয়ে ৪,৯৪,১৪৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী জোনজোনালী বৰুৱাই লাভ কৰিছিল ৩,৫০,৫৮৭ টা ভোট| অগপৰ প্ৰাৰ্থী মৃদুলা বৰকাকতিয়ে লাভ কৰিছিল ৩৫,১৪২ টা ভোট আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল ১১,৩২৫ টা ভোট৷ বিপৰীতে এআইইউডিএফৰ প্ৰাৰ্থী ডা: আদিত্য লাংথাছাই লাভ কৰিছিল ৩,১৪,০১২ টা ভোট| সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰাজেন গোহাঁইয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী জোনজোনালী বৰুৱাক ১,৪৩,৫৫৯ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি চতুুৰ্থবাৰৰ বাবে সাংসদ ৰূপে নিৰ্বাচিত হৈছিল|

নগাঁও সংসদীয় সমষ্টিটোত ১৯৯৮ চনত শেষ বাৰৰ বাবে বিজয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী প্ৰয়াত নৃপেন গোস্বামী| এইবাৰ সমষ্টিটো উদ্ধাৰত উঠি পৰি লাগিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগতে বহু নেতা| 

কেইবাটাও লবীত বিভক্ত নগাঁও কংগ্ৰেছ এতিয়া উঠি পৰি লাগিছে সংসদীয় সমষ্টিটো উদ্ধাৰৰ বাবে| ইয়াৰ বিপৰীতে নিজৰ দুৰ্গ অক্ষত অৱস্থাত ৰাখিবলৈ সৰ্ব্বশক্তিৰে অৱতীৰ্ণ হৈছে বিজেপি দলৰ শীৰ্ষ নেতৃত্বৰ কেইবাজনো নেতা| নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত-স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই লগত মন্ত্রী পীয়ুষ হাজৰিকা আৰু কেইবাগৰাকী বিধায়কসহ যোৱা ১০ এপ্ৰিলত হাজাৰ হাজাৰ সমৰ্থকক লগত লৈ নগাঁও চহৰৰ ৰাজপথত ডিমৰুগুৰীৰপৰা শেনছোৱালৈকে প্ৰায় ১৩ কিল’মিটাৰ পথত "ৰোড শ্ব’ত" অংশ লোৱাৰ পাছতে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ২ দিন ধৰি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাঠাইতো বহুকেইখন বিশাল জনসভাত ভাগ লয়|

ইয়াৰ বাহিৰেও বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ, গ্ৰামোন্নয়ন মন্ত্রী মহেন্দ্ৰ সিং, 'মহাভাৰত’ৰ দ্ৰৌপদ্ৰী খ্যাত জনপ্ৰিয় অভিনেত্রী ৰূপা গাংগুলীসহ বহু কেইগৰাকী বিজেপি নেতাই ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে বিশাল জনসভাত|

ঠিক সেইদৰে পহিলা ব’হাগৰ দিনা কেইবাহাজাৰ সমৰ্থকসহ কলিয়াবৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ডা: দুল্লৰ্ভ চমুৱা, প্ৰাক্তন মন্ত্রী বিস্মিতা গগৈ, কংগ্ৰেছ নেতা সুৰেশ বৰাক লগত লৈ কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়েও নগাঁও চহৰৰ মাজেৰে ডিমৰুগুৰীৰপৰা আৰম্ভ হোৱা এটি ৰোড শ্ব’ত অংশগ্ৰহণ কৰে|

উল্লেখ্য যে, ৰোড শ্ব’টোত উপস্থিত নাছিল প্ৰাক্তন মন্ত্রী গৌতম বৰা আৰু হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্রী অধেন্দু দে| ইফালে বৰ্তমান সংসদীয় সমষ্টিটোৰ অন্তৰ্গত বঢ়মপুৰ, লামডিং, হোজাই, যমুনামুখ, লংকা, কাকী, ৰহা, মৰিগাঁও, জাগীৰোড, লাহৰীঘাটৰ লগতে নগাঁও সদৰৰ ভিতৰুৱা অঞ্চলৰ বহু ৰাইজে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক আদৰি লোৱা পৰিলক্ষিত হৈছে আৰু ৰাইজে নগাঁৱৰপৰা ৬ খন জিলা পাৰ হৈ গৈ মাৰ্ঘেৰিটাৰপৰা অহা কংগ্ৰেছ প্ৰাৰ্থীজনৰ সলনি নগাঁৱৰ স্থানীয় কৰ্ম উদ্যমী, সংস্কৃতিৱান যুৱক ৰূপক শৰ্মাক বিজেপি প্ৰাৰ্থী ৰূপে লাভ কৰি অতিশয় আনন্দিত বুলি জানিব দিছে| আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ অভিজ্ঞতাপুষ্ট ৰাজনৈতিক নেতা হোৱাৰ সুবাদতে বহু নগঞাই তেওঁক জনপ্ৰতিনিধি হিচাপে পাবলৈ ইচ্ছা ব্যক্ত কৰাৰ কথা প্ৰকাশ কৰিছে। 

অৱশ্য, বিজেপি-অগপ মিত্ৰজোঁট আৰু কংগ্ৰেছ উভয়ৰে দাবী এইবাৰ সমষ্টিটোত তেওঁলোকৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব৷ সি যি কি নহওক ভোট গণনাৰ দিনাহে দেখা যায় কাৰ মুখত জিলিকে বিজয়ৰ হাঁহি৷