জয়ন্ত মুদৈ,নগাঁও

 

নগাঁওঃ শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মৃতি ন্যাসৰ উদ্যোগত আৰু ধিং জেষ্ঠ নাগৰিক সন্থাৰ সহযোগত বুধবাৰে ধিং মহাবিদ্যালয়ত শেৱালি বঁটা প্ৰদান অনুষ্ঠানটি অনুষ্ঠিত হয়৷ 

২০১৯ বৰ্ষৰ ধিং পৰীক্ষা কেন্দ্ৰৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক (কলা, বিজ্ঞান আৰু বানিজ্য শাখা) তথা উচ্চ মাধ্যমিকৰ ২০১৯ বৰ্ষৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱা উদ্দেশ্যে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সভাপতিত্ব কৰে শেৱালি কবি ৰত্নকান্ত বৰকাকতি স্মৃতি ন্যাসৰ পৰিচালনা সমিতিৰ সভাপতি তুলসীৰাম নাথে। 

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই ভাষণ প্ৰসংগত প্ৰসৱ বেদনা সহ্য কৰি সন্তান জন্ম দিব পৰা এগৰাকী মহিলাই পৃথিৱীৰ যিকোনো কঠিন কামেই কৰিবলৈ সক্ষম বুলি উল্লেখ কৰি মহিলা সকলক সংৰক্ষণৰ ওপৰত নহয় নিজৰ যোগ্যতাৰ ভিত্তিত আগুৱাই যাবলৈ আহবান জনায়। 

ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ কুমাৰ দত্ত, ৰূপহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ ভদ্ৰকান্ত বৰা, নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা ৰূপাঞ্জলী দেৱীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত শেৱালি বঁটাৰ বাবে নিৰ্বাচিত ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী ছাত্ৰী ৰুনাক্ষী শইকীয়া, প্ৰজ্বলিতা বৰা, সুস্মিতা দে, ধিং মহাবিদ্যালয়ৰ দেৱশ্ৰুতি শইকীয়া, মিছ জেছমিন, খ্ৰীষ্ট জ্যোতি স্কুলৰ জেমিম আপচাৰিনক গামোছা, কিতাপৰ টোপোলা, মানপত্ৰ আৰু ধনৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।