চামগুৰিঃ নগাঁও জিলাৰ জুৰীয়াৰ বিশিষ্ট সমাজকৰ্মী, এজন সুদক্ষ ফুটবল খেলুৱৈ তথা বন বিভাগৰ কৰ্মচাৰী আবু নছৰ ৱাহিদৰ মৃত্যু৷ বিগত কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ থকা ৱাহিদে বৃহস্পতিবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত নিশা শেষ নিশ্বাস ত্যাগ কৰে। 

মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৫৭ বছৰ৷ উল্লেখ্য যে, চাকৰিৰপৰা অৱসৰ ল’বলৈ আৰু প্ৰায় তিনি বছৰ বাকী থকাৰ অৱস্থাত ৱাহিদে মৃত্যুক সাবতিবলগীয়া হোৱাৰ ঘটনাত সম্প্ৰতি শোকস্তব্ধ সহকৰ্মীৰ লগতে বিভাগীয় কৰ্তৃপক্ষ৷ তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ জুৰীয়া অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰে। 

জুৰীয়াৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ৱাহিদৰ পিতৃ আবু নছৰ ৱাহিদৰ মৃত্যুত জুৰীয়া প্ৰেছ ক্লাব, জুৰীয়া নিউ মিলন ক্লাৱ, ৰূপহীহাট মিডিয়া চেল, ৰূপহী আঞ্চলিক ছাত্ৰ সন্থা, আমছু আৰু ৰূপহী ইলেক্ট্ৰনিক মিডিয়া এচচিয়েছনকে আদি কৰি বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। পুৱা জুৰীয়াত সম্পূৰ্ণ ইছলাম ধৰ্মীয় ৰীতি-নীতিৰে প্ৰয়াত ৱাহিদৰ শেষকৃত সমাপন কৰাৰ লগতে সকলোৱে তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে৷