নগাঁওঃ নগাঁও জিলাৰ চকলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱটি বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অহা ২৫ মে’(১০ জেঠ)ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে স্থানীয় চকলাঘাট ৰাস মন্দিৰ প্ৰেক্ষাগৃহত উদযাপনৰ দিহা কৰা হৈছে৷ তদনুযায়ী ৰঞ্জিৎ শইকীয়াক সভাপতি, গিৰিকান্ত বৰাক কাৰ্যকৰী সভাপতি, পৱনজিৎ ভূঞাক সম্পাদক আৰু সঞ্জীৱ বৰাক সহঃ সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠনেৰে ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷ 

উদযাপন সমিতিয়ে যুগুত কৰা কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৯ বজাৰপৰা বিহুৰ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আৰু শ্বহীদ তৰ্পণৰ অন্তত পৰিবেশ সজাগতাৰ দৰে উদ্দেশ্য আগত ৰাখি বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ দুপৰীয়া ১২-৩০ বজাৰপৰা জেং বিহু আৰু হুঁচৰি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷ 

জেং বিহু প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে যথাক্ৰমে নগদ ৩০০১ টকা, ২০০১ টকা আৰু ১০০১ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰাৰ বিপৰীতে হুঁচৰি বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে নগদ ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে নগদ ২০০১ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে নগদ ১০০১ টকাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব৷ সন্ধিয়া ৬ বজাত বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হ’বলগীয়া বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত অসমীয়া কলা-কৃষ্টি প্ৰদৰ্শনৰ লগতে জনপ্ৰিয় শিল্পীৰ দ্বাৰা সংগীতানুষ্ঠান পৰিবেশন কৰা হ’ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে৷