♦ বটদ্ৰৱাৰ ধূপগুৰিত পুত্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ তৰুণ গগৈ

ধুপগুৰি খেলপথাৰৰপৰা জয়ন্ত মুদৈ, ৰাহুল দেৱ বৰদলৈঃ ''মহাপুৰুষ শংকৰদেৱৰ আদৰ্শৰে সম্প্ৰীতি আৰু ভাতৃত্বৰে কংগ্ৰেছ দল সদায় আগুৱাই যাব বিচাৰে৷ কিন্তু ইয়াৰ বিপৰীতে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰ বিচাৰে৷ তেওঁলোকে কয় হিন্দুসকল প্ৰথম শ্ৰেণীৰ নাগৰিক৷ কংগ্ৰেছৰ বাবে সকলোয়েই প্ৰথম শ্ৰেণীৰ নাগৰিক৷ কংগ্ৰেছে হিন্দু-মুছলমান সকলোৰে সমান অধিকাৰ বিচাৰে৷’’ এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ৷

কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বটদ্ৰৱাৰ ধূপগুৰিৰ ফকৰুদ্দিন আলি আহমেদ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে কয় যে বিজেপিয়ে অপপ্ৰচাৰ চলাই আহিছে যে গৌৰৱ গগৈ বাংলাদেশী মুছলমানৰ ভোটত জিকিব৷ কিন্তু আমাক বাংলাদেশীৰ ভোট নালাগে৷ যি সকলে অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰিছে, যিজনে গুৰুজনাৰ আদৰ্শ লৈছে আমি তেওঁলোকৰহে ভোট ল’ম৷ অসমীয়া ভাষা-কলা-সংস্কৃতি জীয়াই ৰাখিবলৈ হ’লে গৌৰৱ গগৈক জিকাবই লাগিব৷ বিজেপি কেন্দ্ৰত থাকোতে অসমত গুপ্তহত্যা হৈছিল বুলি বিস্ফোৰক অভিযোগ তুলি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে লগতে কয়, মই মুখ্যমন্ত্ৰী থাকোতেও কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এনে নিকৃষ্ট কাৰ্যৰ বাবে হেঁচা দিছিল৷ কিন্তু মই এনে হ’বলৈ নিদিলোঁ৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি গগৈয়ে আৰু কয়, মে’ মাহৰ পাছত মোডী মেডিচিনৰ ম্যাদ উকলিব৷ তেতিয়া এই মেডিচিন খালে বেমাৰ হ’ব৷ ৰাজ্য চৰকাৰৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতে আমাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰখন ভ্ৰষ্টাচাৰী৷ যদি সেয়ে হয় তেন্তে সেই চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নম্বৰৰ ভ্ৰষ্টাচাৰী৷ এতিয়া তেওঁ সন্যাসী হৈ গ’ল আৰু আমিবোৰ ভ্ৰষ্টাচাৰী নেকি? পোন্ধৰ লাখ দিম বুলি পোন্ধৰ টকাও নিদিয়া বিজেপি চৰকাৰখনক একমাত্ৰ ফাঁকীবাজ বুলি আখ্যা দিয়ে গগৈয়ে৷

ইপিনে, সভাত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্তক 'মনি মাইনা' বুলি তাচ্চিল্য কৰে৷ তেওঁ কয়, মনি মাইনা গাঁৱৰ মাছ আৰু তেজপুৰৰ পল্লৱলোচন তেজাল গৰু হ’ব পাৰে৷ কিন্তু তেওঁলোকে মাছ-গৰুৰ বাহিৰে ৰাইজৰ কথা চিন্তা নকৰে৷ অগপৰ প্ৰাৰ্থী মনি মাইনাৰ ৰাজনৈতিক অভিজ্ঞতা কম৷ তেওঁ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি হোৱাটো বিচাৰে৷ কলিয়াবৰত তেওঁ অমৃত শ্বাহৰ ভৰি চুবলৈ গ’ল৷ ইয়াতকৈ আৰু দুৰ্ভাগ্যৰ কথা কি থাকিব পাৰে৷ অগপক এটা ভোট দিয়া মানে হিমন্ত বিশ্বক দুটা ভোট দিয়া বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে, আমি সাম্প্ৰদায়িক আৰু হিংসাৰ ৰাজনীতি সফল হ’বলৈ নিদিওঁ৷ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক বাংলাদেশী বুলি অপমান কৰিছে৷ আমি যদি সাংসদ হওঁ হাতীমূৰা বান্ধ ভঙা সেই ঘটনাৰ তদন্ত বিচাৰিম৷ এজনো ভাৰতীয় নাগৰিকক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰপৰা বাহিৰ হ’বলৈ নিদিম৷ 

প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই আঁত ধৰা সভাখনত ভাষণ প্ৰদান কৰি বিধায়ক জাকিৰ হুছেইন শিকদাৰে চূড়ান্ত সাম্প্ৰদায়িক মন্তব্যৰে উপস্থিত ৰাইজক উত্তেজিত কৰিবলৈ বিচৰা দেখা গ’ল৷ ভাষণ প্ৰসংগত তেওঁ কয়, অসম আন্দোলনৰ সময়ত বহু মুছলমান লোকক হত্যা কৰা হৈছিল, ঘৰ জ্বলাই দিছিল, লুঙি-টুপি পিন্ধা মানুহ দেখিলেই আঁঠু কঢ়াই থৈছিল৷ সেইসকল আন্দোলনকাৰীৰে ফচল কেশৱ মহন্ত আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী মনিমাধৱ মহন্ত৷ আপোনালোকে অন্তৰত জুই ৰাখক৷ যি জুইৰে অগপক ভস্মীভূত কৰিব লাগিব৷ সভাখনত কংগ্ৰেছ নেত্ৰী শিৱামনি বৰা, হিৰণময়ী ফুকন, কংগ্ৰেছ নেতা ৰমেশ বৰদলৈ, এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সম্পাদিকা দেবাশ্ৰী বৰা আদি উপস্থিত থাকে৷ 

অন্যহাতেদি কংগ্ৰেছ নেত্ৰী শিৱামনি বৰাই বটদ্ৰৱাৰ সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক সমালোচনা কৰি কয় যে অতিকৈ মাছৰ কথা কৈ থকা বিধায়িকাগৰাকীকহে আমি গৱেষণাগাৰলৈ পঠিয়াম৷ ৰাহুল গান্ধীৰ সভাক তাচ্ছিল্য কৰা বিধায়িকা আঙুৰলতা ডেকাই প্ৰকৃততে সভাত মানুহৰ সংখ্যা দেখি হতাশাত ভুগিছে৷