♦ বটদ্ৰৱাৰ দুখন সভাৰ পৃথক পৰিৱেশক লৈ চৰ্চা

নগাঁওঃ জনসাধাৰণৰ মাজত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা দিনক দিনে কমি আহিছে নেকি? মন্ত্ৰীসভাত মুখ্যমন্ত্ৰীগৰাকীৰ পাছতে স্থান দখল কৰা ক্ষমতাশালী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা বৰ্তমান সৰ্বানন্দ সোণোৱালতকৈ বেছি নেকি?

অন্য সমষ্টিত নহ’লেও একালৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাৰ দখলত থকা বটদ্ৰৱা বিধানসভা সমষ্টিত কিন্তু সৰ্বানন্দ সোণোৱালৰ তুলনাত হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা নিশ্চিতভাৱে অধিক৷ 

কিয়নো বটদ্ৰৱা সমষ্টিত অনুষ্ঠিত হৈ যোৱা দুখন নিৰ্বাচনী প্ৰচাৰ সভাত দেখা পোৱা পৃথক পৰিৱেশে তাকেই উন্মোচিত কৰিছে৷ প্ৰকাশ যে, যোৱা দেওবাৰ আৰু সোমবাৰে বটদ্ৰৱা সমষ্টিত শাসকীয় দলৰ বিধায়িকাৰ তত্বাবধানত আয়োজিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মনি মাধৱ মহন্তৰ দুখন পৃথক পৃথক নিৰ্বাচনী সভাৰ কিছুমান দৃশ্যপটে আঙুৰলতাৰ সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাৰ তুলনাত হিমন্ত বিশ্বৰ জনপ্ৰিয়তাযে বহু পৰিমানে বেছি তাক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিলে৷

এই বিষয়টো লৈ এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, দেওবাৰে বটদ্ৰৱা সমষ্টিৰ জাজৰিৰ বেলতলত অনুষ্ঠিত নিৰ্বাচনী সভাখনত দেখা গৈছিল বিপুল সংখ্যক ৰাইজৰ উপস্থিতি৷

লগতে পৰিলক্ষিত হৈছিল বিজেপিৰ লগতে মিত্ৰজোঁটৰ নেতা-কৰ্মী-ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা৷ কাৰণ উক্ত সভাখনৰ মধ্যমণি আছিল মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ প্ৰখৰ ৰ'দত মুকলি আকাশৰ তলত নিৰ্ধাৰিত সময়তকৈ প্ৰায় দুঘন্টা দেৰিকৈ সভাত উপস্থিত হোৱা হিমন্ত বিশ্ব শৰ্মাক চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছিল হাজাৰ হাজাৰ লোক৷

কিন্তু দেওবাৰৰ সভাখনৰ চৌবিশ ঘন্টাৰ পাছতে যথেষ্ঠ ফৰকাল বতৰত সোমবাৰে বটদ্ৰৱা সমষ্টিৰে ধিঙত খোদ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা নিৰ্বাচনী সভাত দেখা গ'ল ৰাইজৰ অতি সেৰেঙা উপস্থিতি৷

এগৰাকী মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত সাধাৰণতে দেখিবলৈ পোৱা জনতাৰ ব্যাপক উৎসাহ-উদ্দীপনাও পৰিলক্ষিত নহ'ল এই মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাখনত৷ দেখা নগ'ল দলীয় নেতা-কৰ্মীৰো বিশেষ উৎসাহ অথবা বিশেষ তৎপৰতা৷

বিপৰীতে দেওবাৰৰ প্ৰভাবশালী মন্ত্ৰী হিমন্তৰ সভাস্থলীত পুৱাৰেপৰা দৌৰা দৌৰি, ব্যস্ততা তথা তৎপৰতা পৰিলক্ষিত হৈছে দলীয় নেতা-কৰ্মীৰ মাজত৷ সেয়েহে কিজানি সোমবাৰৰ সভাত মুখ্যমন্ত্ৰীগৰাকীক দেখিবলৈ পোৱা গ'ল যথেষ্ঠ বিমৰ্ষ! প্ৰকৃততে বটদ্ৰৱা বিধানসভা সমষ্টিত পৃথক পৃথক পৰিৱেশত বিগত ২৪ ঘণ্টাৰ ভিতৰত দুটা স্থানত অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী সভাৰ দৃশ্যপটসমূহে এটা কথা স্পষ্ট কৰি দিলে যে, কিছু মাহ পূৰ্বলৈকে জাতীয় নায়ক হিচাপে খ্যাত অসমবাসীৰ নয়নৰ মণি বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনপ্ৰিয়তা অভাৱনীয়ভাৱে হ্ৰাস পাইছে জনসাধাৰণৰ মাজত৷

মুখ্যমন্ত্ৰীগৰাকীক এবাৰ ওচৰৰপৰা চাবলৈ পূৰ্বৰ সেই হেঁপাহ যেন এতিয়া নাই সাধাৰণ জনতাৰ মনত৷ ৰাজনৈতিক মহলত সঘনাই চৰ্চা হৈ থকা মতেই যেন বৰ্তমান লাহে লাহে সলনি হ’বলৈ ধৰিছে বিজেপিৰ ভিতৰচ'ৰাৰ দৃশ্যপট!