নগাঁওঃ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দুবছৰৰ পিছতো নগাঁও জিলাৰ উজৰাগাঁৱত স্থাপিত আদৰ্শ চিকিৎসালয়খন ৰাইজৰ বাবে মুকলি কৰি দিয়া নহ’ল৷ পৰিণতিত বৃহত্তৰ উজৰাগাঁৱৰ লগতে ইয়াৰ পাৰ্শ্ববৰ্তী ৰণথলী, জলাহ, পাথৰি, পানীখাইতীকে প্ৰমুখ্য কৰি এক বৃহৎ এলেকাৰ গঞা ৰাইজ প্ৰয়োজনীয় চিকিৎসাসেৱাৰ পৰা বঞ্চিত হৈ আহিবলগীয়াত পৰিছে৷ যাক লৈ বৰ্তমান ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ উদ্ভৱ হৈছে৷

স্মৰ্তব্য যে, ১৯৮৯ চনত তদনীন্তন অগপ চৰকাৰৰ দিনত গঞা ৰাইজৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি উজৰাগাঁৱত ৩০ খন বিচনাযুক্ত এখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও প্ৰয়োজনীয় ভূমিৰ অভাৱত দীৰ্ঘদিন ধৰি ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা হোৱা নাছিল৷

কিন্তু পৰৱৰ্তী পৰ্যায়ত তৰুণ গগৈ নেৰ্তৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ আমোলত বিশেষ গুৰুত্ব আৰোপ কৰি ইয়াক আদৰ্শ চিকিৎসালয়লৈ উন্নীত কৰা হয়৷ তদনুযায়ী ৰাইজে দান দিয়া মাটিত ২০১৩ চনত উজৰাগাঁও আদৰ্শ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰা হয় আৰু প্ৰায় ৬ কোটি টকা ব্যয়ৰে ইয়াৰ নিৰ্মাণকাৰ্য ২০১৫ চনত সম্পূৰ্ণ কৰি তোলা হয়৷

কিন্তু আশ্চৰ্যজনকভাৱে প্ৰয়োজনীয় আন্তঃগাঁথনি থকাৰ পিছতো আজিকোপতি চিকিৎসালয়খন ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া নহ’ল৷ আনকি বিগত সময়ছোৱাত বহুবাৰ স্থানীয় ৰাইজে চিকিৎসালয়খন মুকলি কৰি দিবৰ কাৰণে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীক তিলমানো গুৰুত্ব নিদিলে বিভাগীয় কৰ্তৃপক্ষই৷

যাক লৈ স্বাভাবিকতেই এতিয়া ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ সেয়ে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন বিজেপি চৰকাৰখনৰ প্ৰথম বৰ্ষপূৰ্তিৰ শুভক্ষণত পুনৰবাৰ চৰকাৰৰ প্ৰতি ৰাইজে দাবী জনাইছে যাতে চিকিৎসালয়খন শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰি দিয়ে৷