নগাঁওঃ এক কৰুণ হৃদয়বিদাৰক ঘটনাই সকলোৰে অন্তৰাত্মাক ব্যথিত কৰি তুলিছে । নগাঁৱৰ বঢ়মপুৰ অঞ্চলৰ অন্তৰ্গত কঠিয়াতলী ৰেঞ্জৰ অন্তৰ্গত তপতজুৰি পাহাৰত যোৱা বুধবাৰে নিশা বজ্ৰপাতৰ ফলত বহুকেইটা বন্যহস্তীয়ে কৰুণ মৃত্যুক আঁকোৱালি লোৱা খবৰে সমগ্ৰ অসমৰ ৰাইজক মৰ্মাহত কৰি তুলিছে । 

বৰ্তমানলৈ প্ৰাপ্ত খবৰ অনুসৰি বজ্ৰপাতৰ ফলত ১৮টি বন্যহস্তী অকাল মৃত্যুৰ মূখত পৰিছে। ১৪টি মৃতদেহ পাহাৰৰ ওপৰত আৰু বাকি ৪টি মৃতদেহ পাহাৰৰ তলত উদ্ধাৰ হৈছে। বন বিষয়াই জানিবলৈ দিয়া মতে শুক্ৰবাৰে পোষ্টমৰ্টেম কৰা হব। বনাঞ্চলক সমৃদ্ধ কৰি ৰখা বন্যপ্ৰাণীৰ এনে কৰুণ মুত্যু এক পূৰণ কৰিব নোৱাৰা ক্ষতি। এনে ঘটনা যেন পুনৰ সংঘটিত নহয় ৰাইজে তাৰে কামনা কৰিছে ।