নলবাৰীঃ নলবাৰীৰ মৈৰাদঙাত মৌচুমী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখন শনিবাৰে অনুষ্ঠিত হয়। খেলখনত ধনতোলা এফ চি চুড়ান্ত বিজয়ী হয়। 

বালিতাৰা এফ চি অাৰু ধনতোলা এফ চিৰ মাজত অনুষ্ঠিত খেলখনত ধনতোলা এফ চিয়ে বালিতাৰা এফ চিক ১ গলত পৰাস্ত কৰে। উক্ত খেলখন শুভাৰাম্ভ কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ দাসে। খেলখনত নলবাৰীৰ বিধায়ক অশোক শৰ্মা, নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, প্ৰবক্তা লাচিত ডেকা, যুৱ ব্যৱসায়ী নিপল কলিতাৰ লগতে ভালে সংখ্যক লোক উপস্থিত থাকে।