দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

 

বৰনৰ্দ্দীঃ আমাৰ অসম' কাকতৰ নলবাৰীৰ সংবাদদাতা চম্পক বৈশ্যক অলপতে আপকুৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰে। আপকুৰ নলবাৰী জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা সাংবাদিক চম্পক বৈশ্যক প্ৰদান কৰা হৈছে আপকুৰ শিৱসাগৰ জিলা সমিতিৰ দ্বাৰা প্ৰৱৰ্তিত নিত্যা বৰা সোঁৱৰণী ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা। 

আপকুৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু অন্তৰীক্ষ দত্ত স্মৃতি ৰক্ষা সমিতিৰ সহযোগত স্থানীয় কোঁৱৰপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় সভাগৃহত ৮ জুনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাংবাদিক বৈশ্যক উক্ত সন্মান আগবঢ়োৱাত জিলাবাসী গৌৰৱান্বিত হৈ পৰিছে। এই বঁটা হিচাপে বিশিষ্ট সাংবাদিক গৰাকীক ফুলাম গামোচা, চেলেং, ফুলাম জাপি, সম্বৰ্দ্ধনা পত্ৰ, স্মাৰক আৰু নগদ ধন আগবঢ়োৱা হয়। 

সাংবাদিক গৰাকীৰ এনে সন্মানে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাত আপকুৰ নলবাৰী জিলা সমিতিৰ লগতে সাংবাদিক সংগঠনৰ উপৰি জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে বৈশ্যক শুভেচ্ছা জ্ঞাপন কৰিছে। সাংবাদিক গৰাকীৰ এনে সফলতাত জিলা উপায়ুুুক্ত ভাৰত ভূূষণ দেৱ চৌধুৰীয়েও অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলা সমিতিৰ লগতে সাংবাদিক সংগঠনৰ উপৰি জিলাখনৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান, প্ৰতিষ্ঠান তথা শুভাকাংক্ষীয়ে বৈশ্যক শুভেচ্ছা জ্ঞাপন কৰিছে। সাংবাদিক গৰাকীৰ এনে সফলতাত জিলা উপায়ুুুক্ত ভাৰত ভূূষণ দেৱ চৌধুৰীয়েও অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।