বৰনৰ্দ্দীঃ অসম আন্তঃ জিলা চিনিয়ৰ বক্সিং প্ৰতিযোগিতাত অসম এমেচাৰ বক্সিং এছ'চিয়েচনৰ উদ্যোগত নলবাৰী জিলাত    প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব। 

এপ্ৰিল মাহৰ ৭, ৮, ৯ আৰু ১০ জুলাইত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন সুচাৰু ৰূপে পৰিচালনা কৰাৰ বাবে নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী গনেশ তামুলীক সভাপতি আৰু নলবাৰী জিলাএমেচাৰ বক্সিং এছ'চিয়েচনৰ সভাপতি ৰঞ্জিত বৰ্মণক সাধাৰণ সম্পাদক হিচাপে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। 

স্থানীয় গৰ্ডণ স্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত চাৰিশ পুৰুষ, মহিলা খেলুৱৈৰ লগতে পঞ্চাশ গৰাকী ৰেফাৰীয়ে অংশগ্ৰহণ কৰিব বুলি সমিতিৰ তৰফৰপৰা জানিব পৰা গৈছে।